অসম
কল্যাণীত আদৰ্শ মাতৃ বঁটা প্ৰদান
সংবাদদাতা, পূৱ যোৰহাট: যোৰহাট মহানগৰীৰ উপকণ্ঠৰ কল্যাণী নাৰী কল্যাণ সমিতিয়ে প্ৰতি বছৰে প্ৰদান কৰা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জু দত্ত সোঁৱৰণী আদৰ্শ মাতৃ বঁটা এইবাৰ সমাজসেৱীকা নাওবৈছাৰ অনু শইকীয়াক প্ৰদান কৰে। কল্যাণী শিশু কল্যাণ কেন্দ্ৰৰ মঞ্চত শিশু দিৱসৰ লগত সংগতি ৰাখি সংগীতা দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি ৰূপে বঁটা প্ৰদান কৰি কল্যাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তুতুমণি মহন্তই নাৰী কল্যাণ সমিতিৰ পদক্ষেপে নাৰীসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জমণি বৰাই উদ্বোধন কৰা সভাৰ আঁত ধৰে কৃষ্ণা শইকীয়াই। অনুষ্ঠানত শিশুসকলে গীত-মাত পৰিবেশন কৰে।