অসম

কল্যাণী বাল্য ভৱনক উচ্চতৰ মাধ্যমিকলৈ উন্নীতৰ সিদ্ধান্ত

সংবাদদাতা পূৱ‌ যোৰহাট:– উত্তৰ যোৰহাটৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয় কল্যাণী বাল্য ভৱনত উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৬০ সংখ্যক শিক্ষক দিৱসৰ দিনা অনুষ্ঠিত ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজন দত্তৰ সভাপতিত্বত বিদ্যালয়খনত অনুষ্ঠিত সভাত মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° জিতাঞ্জলি বৰপূজাৰীয়ে নতুন শিক্ষানীতিৰ পৰিপ্ৰেক্ষিতত উচ্চতৰ শাখা খোলাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মুনিন বৰাই উদেশ্য ব্যাখ্যা কৰা সভাত অ এন জি চি-ৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া ধ্ৰুৱজ্যোতি বৰঠাকুৰ, মৰিয়নী মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ৰাজীবলোচন দত্ত, হেমেন শইকীয়া, সমাজকৰ্মী বুধিন বৰা, প্ৰফুল্ল শইকীয়া, চন্দ্ৰ শইকীয়া প্ৰমুখ্যে বিভিন্নজনে বক্তব্য প্ৰদান কৰে। শিক্ষাৰ্থীসকলে বিদ্যালয় সংগীতেৰে শুভাৰম্ভ কৰা সভাত বৃহত্তৰ অঞ্চলটোৰ বহুলোক উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: