অসম

“কাইলৈৰ দিনটো আমাৰ হ’ব”ৰ স্ৰষ্টা সনন্ত তাঁতিৰ দেহাৱসান

‘কাইলৈৰ দিনটো আমাৰ হ’ব’ৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰা বিশিষ্ট কবি সনন্ত তাঁতিয়ে বৃহস্পতিবাৰে নিশা ১.০৫ বজাত নতুন দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মাটি আৰু মানুহৰ হৈ শব্দৰ মালা গঁথা কবিগৰাকীয়ে জীৱনৰ মহত্ত্বসমূহক তেওঁৰ কবিতাসমূহত অনন্য ৰূপত উপস্থাপন কৰিছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৯ বছৰ৷ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বাংলা ভাষাত শিক্ষা লৈ অসমীয়া সাহিত্যৰ পথাৰখনত বহু উল্লেখযোগ্য কবিতা ৰচনা কৰি কেইবাটাও বঁটাৰে বিভূষিত হোৱাৰ উপৰিও তেওঁ ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

সৃষ্টিৰ বিশালতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সনন্ত তাঁতিৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হৈছে- উজ্জ্বল নক্ষত্ৰৰ সন্ধানত, মই মানুহৰ অমল উৎসৱ, নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মৃত্যুৰ আগৰ ষ্টপেজত, টোপনিতো কেতিয়াবা বাৰিষা আহে, দীৰ্ণ বসন্তৰ সৌৰভ, আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে, মই, মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ, কাইলৈৰ দিনটো আমাৰ হ’ব আৰু মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে। তেওঁৰ আন এখন কাব্যগ্ৰন্থ হৈছে কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে।

বিশিষ্ট কবিগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কবিগৰাকীক যথেষ্ট আৰ্থিক সংকটৰ মাজত দীৰ্ঘদিন ধৰি দিল্লীত চিকিৎসা কৰি থকা হৈছিল। ৰাইজৰ দান-বৰঙণিৰে চিকিৎসা গ্ৰহণ কৰা সনন্ত তাঁতিৰ নশ্বৰদেহ অসমলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তৎপৰতা গ্ৰহণ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: