বিনোদন

কাইলৈৰ পৰা ৰেঙণিত সম্প্ৰচাৰ হ’ব কামৰূপা ক্ৰিয়েচনৰ নতুন ধাৰাবাহিক “নেদেখা ফাগুন”

সাংস্কৃতিক সংবাদদাতা : মনোৰঞ্জনধৰ্মী চেনেল ৰেঙনিত কাইলৈৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত হ’ব এখনি নতুন ধাৰাবাহিক “নেদেখা ফাগুন”। কামৰূপা ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে সুদক্ষ প্ৰযোজক ভৰত কলিতাই। ধাৰাবাহিকখনৰ কাহিনীভাগ লিখিছে নূপুৰ,নিয়ৰৰ

ফুলৰ দৰেই জনপ্ৰিয় ধাৰাবাহিক উপহাৰ দিয়া নৱপ্ৰজন্মৰ জনপ্ৰিয় পৰিচালক পংকজ গগৈয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে সুদক্ষ অভিনেতা, চিত্ৰনাট্য কাৰ প্ৰণৱ বৰুৱাই। প্ৰেম-ভালপোৱা, বিশ্বাসৰ লগতে জাতীয়তা বোধেৰে পৰিপূৰ্ণ এখন ধাৰাবাহিক ‘নেদেখা ফাগুন’।

জাতীয়তাবোধত বিশ্বাসী এটা পৰিয়াল। অসমীয়া সত্ত্বা থকা নায়কজনৰ লগতে নায়কজনৰ পৰিয়াল কি কি সংঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে। উজনিৰ ভিতৰুৱা অঞ্চলৰ নায়িকাজনীয়ে ঘটনাবশত নায়কৰ পৰিয়ালৰ সৈতে কিদৰে সংপৃক্ত হয়। নায়কে কোনো কালে ভৱা নাছিল তেওঁৰ জীৱনলৈ যে নেদেখাকৈ এক ফাগুন আহিৱ।

ফাগুন বহুতৰ বাবে ভাল হয়, ৰঙীন হয় আৰু কিন্তু বহুতৰ বাবে ধুলিময় পথলৈ ৰূপান্তৰিত হয়। এনেকুৱা এক সংঘাত,আবেগ আৰু মিঠা কাহিনীৰে বিভিন্ন দিশ সামৰি ধাৰাবাহিকখন আগবাঢ়িছে। ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ৰাজীৱ গোস্বামী, প্ৰাণকৃষ্ণ মহন্ত,

নৱদ্বীপ বৰগোহাঁই, অংকুৰ বাদ্য, ৰাতুল দাস, সুব্ৰত দেউৰী, কিশোৰ দাস, শশাঙ্ক শেখৰ শৰ্মা, নয়নজ্যোতি দাস, কুকিল শইকীয়া, নৱ নিহাল, পবিত্ৰ খাউণ্ড, বাবলি বৰা,অংগুজমিতা গগৈ,জুনু নাথ ,অশ্ৰুৰানী বৰা আৰু বহু কেইগৰাকী ন-পুৰনি অভিনেতা অভিনেত্ৰী। অম্বিকাগিৰী নগৰকে ধৰি গুৱাহাটীৰ

বিভিন্ন মনোমোহা লোকেচনত ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ কৰিছে বিশ্বজিৎ চাংমাই। ধাৰাবাহিকখনৰ পৰিচালনা কৰিছে পংকজ গগৈ,মুখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউণ্ড আৰু সহকাৰী পৰিচালনা কৰিছে অজন্তা বসুমতাৰী (জুমনি)য়ে। ৰূপসজ্বা বাবলু বৈশ্য। প্ৰডাকচন নিয়ন্ত্ৰক উৎপল কলিতা,

সম্পাদনাৰ দায়িত্ব আছিল দ্বীপজ্যোতি। ‘নেদেখা ফাগুন’ ধাৰাবাহিকখনৰ সংগীত পলাশ গগৈ আৰু শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে নীল আকাশে। অহা ১৭ মে’ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা ১১.৩০ বজাত আপোনালোকৰ প্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল ৰেঙনিত উপভোগ কৰিব পাৰিব “নেদেখা ফাগুন”।

কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ বাবে ক’ভিড প্ৰ’টকল মানি বহু কষ্টেৰে ধাৰাবাহিক খন নিৰ্মাণ কৰা হৈছে বুলি পৰিচালক পংকজ গগৈয়ে জানিবলৈ দিছে। লগতে পৰিচালকে দৰ্শক ৰাইজক অনুৰোধ জনাই নূপুৰ ,নিয়ৰৰ ফুল ধাৰাবাহিক কেইখনৰ দৰেই

 “নেদেখা ফাগুন” ধাৰাবাহিকখনো যাতেই আদৰি লয়। পৰিচালক পংকজ গগৈ, চিত্ৰনাট্যকাৰ প্ৰনৱ বৰুৱাৰ প্ৰমুখ্যে নেদেখা ফাগুন ধাৰাবাহিক খনৰ পৰিয়াল বৰ্গলৈ ‘অসম বাৰ্তা’ৰ পৰিয়ালৰ তৰফৰ পৰা আমি জনালোঁ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: