অসম

কাকপথাৰত আছুৰ ২৪ ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

সংবাদদাতা, কাকপথাৰ:- ডিব্ৰু কলেজৰ ছাত্ৰ একত্ৰা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো সদস্যক ৰাজনৈতিক হেঁচাত ডিব্ৰুগড় জিলা প্ৰশাসনে অতি বৰ্বৰভাবে প্ৰহাৰ কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ২৪ ঘণ্টিয়া ডিব্ৰুগড় আৰু ১২ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধ কাৰ্যসূচীৰ আজি তিনিচুকীয়া জিলাৰ কাকপথাৰত সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। কাকপথাৰৰ সাপ্তাহিক দেওবৰীয়া বজাৰ আজি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ কৰি দিয়াৰ লগতে ক্ষুদ্ৰ চহৰ খনৰ সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ বাধ্য কৰায়। অৰুণাচল প্ৰদেশৰ দিৰাক গেটত আছু সদস্যসকলে টায়াৰ জ্বলাই সন্ধিয়ালৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: