অসম

কাকপথাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক তিৰুভাৱ তিথি উদযাপন

সংবাদদাতা, কাকপথাৰ : বিশ্বৰ লগতে, দেশ আৰু ৰাজ্যত মহামাৰী কৰ’নাৰ সংহাৰ অব্যাহত। কৰ’না মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন দেশ সমূহৰ লগতে দেশৰ ৰাজ্য সমূহৰ সমান্তৰালকৈ অসমতো জাৰি কৰা হৈছে কঠোৰ নিয়ম-নীতি। ৰাজ্য চৰকাৰে SOPৰ নীতি-নিৰ্দেশনা বলৱৎ কৰিছে সকলো জিলাতে। ইয়াৰ মাজতে ইতিহাসত লিপিবদ্ধ হৈ থকা এসময়ৰ বেংমৰা ৰাজ্যৰ মটক ৰজা সৰ্বানন্দ সিংহৰ আজি ২১৯ সংখ্যক তিৰোভাৱ তিথি।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মটক ৰজা গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মটক ৰজা গৰাকীৰ তিৰুভাৱ তিথিৰ এই পবিত্ৰ দিনটোত কভিড প্ৰট’কল মানি চৰকাৰে জাৰী কৰা নীতি-নিৰ্দেশনা পালন কৰি কাকপথাৰ, ডিৰাকত পৃথকে পৃথকে সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথি উদযাপন কৰে৷ আজি কাকপথাৰ, ডিৰাকত কভিড প্ৰ’টকল মানি উদযাপন কৰা হয়।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত, সমান্তৰালভাবে কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লাজুমস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰে৷ ডিৰাকত অনুষ্ঠিত হোৱা তিৰোভাৱ তিথিত মটক স্বায়ত্ত শাসিত পৰিষদৰ সদস্য পূৰ্ণানন্দ বুঢ়াগোহাঁইকে

ধৰি সদৌ মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ কোষাধ্যক্ষ দ্বীপ চেতিয়াই অংশগ্ৰহণ কৰে।‌ কাকপথাৰ লাজুমত অনুষ্ঠিত হোৱা কাৰ্যসুচীত মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সাঃ সম্পাদক কমলদীপ বৰুৱা, শিক্ষা সম্পাদক হিৰোজ শইকীয়াকে ধৰি বহুকেইজন বিষয়ববীয়া, কৰ্মীয়ে অংশগ্ৰহণ কৰি বীৰ ৰজাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: