অসম

কাকপথাৰ পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপন

সংবাদদাতা, কাকপথাৰ:- তিনিচুকীয়া জিলাৰ কাকপথাৰ দিৰাকত নতুনকৈ প্ৰতিষ্ঠা হোৱা পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এক বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে লগতে পদ্মনাথ গোহাঞি বৰুৱাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসমৰ জাতীয় জীৱনলৈ তেওঁৰ মহান অৱদানক স্মৰণ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী আধ্যপক পঞ্চানন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত “পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু সাহিত্য”

শীৰ্ষক বক্তৃতা প্ৰদান কৰে ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰিঞ্জু মণি শৰ্মাই। তেওঁৰ বক্তব্যত ডঃ শৰ্মাই বংগৰ নৱজাগৰণৰ লগত গোহাঞি বৰুৱাৰ সম্পৰ্ক, গোহাঞি বৰুৱাৰ উপন্যাসত ঐতিহাসিক পটভূমি, গোহাঞি বৰুৱাৰ সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত প্ৰকাশিত জাতীয় চেতনা আদি দিশবোৰত বিস্তৃত আলোচনা কৰে। বিশ্বৰূপা মৰাণ আৰু পৰী হাজৰিকাৰ গীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচিত কবিতা “বাগদেৱী বন্দনা” আবৃত্তি কৰে মহাবিদ্যালয়ৰ ছাত্ৰী সংগীতা মৰানে। অনুষ্ঠানটোত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষিপ্ৰসাদ দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: