অসম

‘কা’ বাতিলৰ দাবীত বিশ্বনাথ চাৰিআলিত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী

সংবাদদাতা, বিশ্বনাথ:- আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ চাৰিআলিতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত জাতিধ্বংসি নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু সমান্তৰাল ভাৱে বিশ্বনাথ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। আজিৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ শতাধিক সদস্যৰ উপস্থিতিত প্ৰতিবাদকাৰীৰ সকলে কা’ আমাক নালাগে, কা’ আমি নামানো, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি শ্লগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে। আজিৰ এই কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক নাচিৰ আহমেদ, সভাপতি কমলজীৎ দত্ত, সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি দেৱব্ৰত মেধি, অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতিয়া সম্পাদক নিহাৰ শইকীয়াকে ধৰি জিলা আৰু আঞ্চলিক সমিতি বহু কেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও আজিৰ এই কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: