অসম

‘কা’ বাতিলৰ দাবী মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা অ.জা.যু.ছা.প.ৰ

দেশৰ প্ৰধানমন্ত্ৰীলৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

সংবাদদাতা, ভূৰবন্ধাঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ জিলা সমিতিৰ দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত প্ৰায় অৰ্ধশতাধিক সংগঠনটোৰ নেতা-কৰ্মীয়ে কা আমাক নালাগে, মোডী চৰকাৰ নিপাত যাওক, অসম চৰকাৰ হায় হায়, জয় অ‍াই অসম আদি শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ উত্তাল কৰি তুলে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ সংগঠনটোৰ জিলা নেতৃত্ব দ্বয়ৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰে যে, অসমৰ জনসাধাৰণে বিৰোধ কৰি অহা নাগৰিকত্ব সংশোধনী আইন উচ্চ সদন আৰু নিম্ন সদনত গ্ৰহণ কৰি অসমৰ ওপৰত জাপি দিলে। পূৰ্বৰে পৰা অসমবাসীৰ স্পষ্ট মত, নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতীয় জীৱনৰ এখন পৰিপন্থী আইন। এই আইন ভাৰতীয় সংবিধানৰ পৰিপন্থী, উত্তৰপূৰ্বাঞ্চলৰ বাবে পৰিপন্থী। অসমৰ জনতাই অবৈধ বিদেশী নাগৰিকৰ বিৰোধিতা কৰি অসমৰ বুকুত তেজ দি গৈছে। বৰ্তমানৰ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন মোডী চৰকাৰে এই আইন গৃহীত কৰি শ্বহীদৰ কেঁচা তেজক ঘোৰ অপমান কৰিছে। অসম চুক্তিক নসাৎ কৰি অবৈধ হিন্দু বিদেশীক সংস্থাপন কৰিব বিচৰা চৰকাৰ এক হতকাৰী সিদ্ধান্ত। শংকৰ-আজানৰ মিলন ভূমি অসমত হিন্দু-মুছলমানৰ নামত ভাগ-ভাগ কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাৰ পৰা বিৰত থাকক মোডী চৰকাৰ। পূৰ্বৰে পৰা বিৰোধ কৰা নাগৰিকত্ব সংশোধনী আইন আজিও বিৰোধ কৰে অসমৰ জনতায়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: