অসম

কিষাণ সমৰক্ষক সেৱা কেন্দ্রৰ শুভাৰম্ভ

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ সৰুচৰাই ঘৰফলীয়া পকী পথৰ কাষৰ ভাতেমৰাত কিষাণ সমৰক্ষক সেৱা কেন্দ্রটোৰ দ্বাৰ ১০ জানুৱাৰীত মুকলি কৰা হয়। দেৰগাঁও বিধান সভা সমষ্টিৰ উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেকাভুক্ত ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তখনৰ কৃষকসকলৰ সুবিধাৰ্থে এই সেৱা কেন্দ্রটো পি-টেক মাল্টিপালচ্ প্ৰাইভেট লিমিটেডে অনুমোদন জনাইছে। কৃষকসকলৰ বীমাৰ লগতে সাৰ, বীজ, সঁজুলি আদি এই সেৱা কেন্দ্রৰ জৰিয়তে কৃষকসকলে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। তদুপৰি দেশৰ প্ৰতিখন ৰাজহ গাঁৱতে কেন্দ্রীয় চৰকাৰে জনসাধাৰণক তথ্য প্ৰযুক্তিৰ ক্ষেত্রত সহায় কৰিবলৈ প্ৰতিষ্ঠা কৰা অৰুণোদয় কেন্দ্র (কমন চাৰ্ভিচ চেণ্টাৰ) টোও প্ৰতিষ্ঠা কৰা হৈছে। দুয়োটা কেন্দ্রৰ জৰিয়তে ৰাইজক প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ সম্পর্কত ব্যাখ্যা কৰে অৰুণোদয়ৰ অৰুণ বৰা আৰু কিষাণৰ দীপক শইকীয়াই।কমল গগৈয়ে পৰিচালনা কৰিব লগা কেন্দ্র দুটাৰ শুভাৰম্ভ অনুষ্ঠানত চিত্তৰঞ্জন দাস, জিতুমণি বৰা,সুশীল বৰুৱা, বিনন্দ সদাৰ,দিপামণি কলিতা, স্থানীয় ভালেসংখ্যক লোকৰ উপৰি নেহৰু যুৱ কেন্দ্র সংগঠন যোৰহাট কাৰ্যালয়ৰ পৰা যুৱ সমন্বয়ক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা দীলিপ শৰ্মা উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: