অসম

কৃতি শিক্ষক অজয় বৰুৱাৰ সপ্তমখন গ্রন্থ “জীৱনৰ বর্ণমালা” উন্মোচণ

সংবাদদাতা, টংলা:- বিশিষ্ট কবি, প্ৰবন্ধকাৰ, নিৱন্ধকাৰ, গল্পকাৰ, সমাজ সংগঠক, ‘কাব্যসূৰ্য’ বঁটা প্ৰাপ্ত কৃৰ্তী শিক্ষক অজয় বৰুৱাৰ সপ্তম গ্ৰন্থ “জীৱণৰ বৰ্ণমালা”(শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ উপযোগী প্ৰবন্ধ সংকলন) ৩০ জানুৱাৰীত উন্মোচন হৈ যায় মংগলদৈস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ নৱনিৰ্মিত নামঘৰ দ্বাৰ মুকলি, সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আৰু ৫২ সংখ্যক বাৰ্ষিক অধিবেশনত। অনুষ্ঠানত শ্ৰী বৰুৱাৰ এই নৱতম গ্ৰন্থখন উন্মোচণ কৰে বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক, ৰাভা শিল্পী লেখক মঞ্চ অসমৰ সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভাদেৱে। ৰাজ্যৰ শৈক্ষিক-সাহিত্য-সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনত বিভিন্ন দিশত বিশেষ বৰঙনি আগবঢ়াই অহা বিশিষ্ট কবিজনাৰ এইখন এখন শিশুৰ মানসিক উৎকৰ্ষ সাধন কৰিব পৰা জীৱন শিক্ষামূলক গ্ৰন্থ। দৰঙৰ সু-সন্তান তথা ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ই মাদ্ৰাছাৰ সহ: শিক্ষক ২০২০ বৰ্ষত “কাব্যসূৰ্য” বঁটাপ্ৰাপ্ত শ্ৰীঅজয় বৰুৱাক ২০২১ বৰ্ষৰ প্ৰাগজ্যোতিষ “শিক্ষা বাৰিধি” বঁটাৰ বাবে নিৰ্বাচিত হৈছে। সাহিত্য আৰু শিক্ষাক সমান্তাৰালভাৱে আগবঢ়াই লৈ যোৱা শ্ৰীবৰুৱাই ধুবুৰী জিলাৰ অতি দুৰ্গম চৰাঞ্চলত নানা প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষা -সাহিত্য-সংস্কৃতি দিশত ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিবলৈ সক্ষম হৈছে। দৰং জিলাৰ বানেইকুছি গাঁৱৰ শ্ৰীললিত বৰুৱা আৰু শ্ৰীসূমিত্ৰা বৰুৱাৰ পুত্ৰ অজয় বৰুৱাক যোৱা ৫ চেপ্তেম্বৰ ২০২১ ত ধুবুৰী জিলাই কৃতি শিক্ষকৰ বঁটাও প্ৰদান কৰিছে। শ্ৰীবৰুৱাদেৱে ইতিমধ্য “মাতাল হোৱা জোখাৰে নিঃসংগ মই”, “সোঁৱৰিলে ভাল লগা সুগন্ধি অনুৰাগ”, “সোণালী সাঁকো তুমি জগতৰ গুৰু”, সাঁকো” আৰু “মুকুতামালা” (প্ৰথম খণ্ড), “মুকুতামালা” (দ্বিতীয় খণ্ড) নামৰ ছয়খনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও উন্নত মানদণ্ডৰ লেখাবোৰ অসমৰ আগশাৰীৰ প্ৰায় কেইখন ছপা-বাতৰি কাকত, আলোচনীত নিয়মিত ভাৱে প্ৰকাশ হৈ থাকে। বহুকেইখন গ্ৰন্থ সম্পাদনা কৰা শ্ৰীবৰুৱাই ৰাষ্ট্ৰীয়-আন্ত: ৰাষ্ট্ৰীয় কাকত- আলোচনীটো লেখা প্ৰকাশ কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। এসময়ত অসমীয়া খবৰ, দৈনিক বাতৰি কাকত, সুপ্ৰভাত, সাপ্তাহিক নতুন প্ৰবাহ আদি বাতৰি কাকতত স্থানীয় সংবাদ দাতা হিচাপে কাম কৰা শ্ৰীবৰুৱাক ২০০৬ চনত গণ সচেতনা প্ৰকল্পৰ সাপ্তাহিক নতুন প্ৰবাহৰ পৰা “উদীয়মান সাংবাদিকতাৰ বঁটা” প্ৰদান কৰিছিল। বহু ঠাইত শ্ৰেষ্ঠ কৰিৰ সন্মান লাভ কৰা বৰুৱা “আজিৰ কবিতা” নামৰ কাব্যলোচনী এখনৰ কাৰ্যকৰী সম্পাদক আৰু “অন্তৰীপ” নামৰ এখন ই-মেগাজিনৰ বৰ্তমান সম্পাদকৰ দায়িত্বত। এই অনুষ্ঠানতে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ বাৰ্ষিক পত্ৰিকা “মহাপুৰুষ”, স্মৃতিগ্ৰন্থ“ৰ লগতে প্ৰায় ২০খনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button