অসম

কৃতি শিক্ষক অজয় বৰুৱালৈ কাব্যসূর্য বঁটা

ষষ্ঠতম গ্রন্থ মুকুতামালা দ্বিতীয় খণ্ড উন্মোচন

সংবাদদাতা, টংলা:- বিশিষ্ট কবি, প্ৰবন্ধকাৰ, নিবন্ধকাৰ, গল্পকাৰ, ‘কাব্যসূৰ্য’ বঁটাপ্ৰাপ্ত কৃৰ্তী শিক্ষক অজয় বৰুৱাৰ ষষ্ঠতম গ্ৰন্থ “মুকুতামালা’ (দ্বিতীয় গ্ৰন্থ) ৯ জানুৱাৰীত উন্মোচন হৈ যায় নগাঁও জিলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান বটদ্ৰৱাত। কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা ‘আজিৰ কবিতা’ৰ ৩২ সংখ্যক বৰ্ষপূৰ্ণ উপলক্ষে আয়োজিত ‘আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত’ বিশেষ কাব্যানুষ্ঠান “শীতৰ উমাল ৰ’দত কবিতাৰে এদিন” ৰ লগতে আজিৰ কবিতা আৰু মেজাংকৰী প্ৰকাশনৰ বঁটা প্ৰদান, গ্ৰন্থ উন্মোচন আৰু বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত বৰুৱাৰ এই নৱতম গ্ৰন্থ উন্মোচন কৰে মেঘালয়ৰ বিশিষ্ট কবি, সাহিত্যিক, গৱেষক নিৰ্মল কোচদেৱে। ৰাজ্যৰ শৈক্ষিক- সাহিত্য-সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনত বিভিন্ন দিশত বিশেষ বৰঙণি আগবঢ়াই অহা বিশিষ্ট কবিজনাৰ এইখন এখন জীৱন শিক্ষামূলক গ্ৰন্থ। বৰুৱাক অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মল আৰু প্ৰাগজ্যোতিষ ন্যাসে “২০২১ বৰ্ষৰ প্ৰাগজ্যোতি বঁটা” প্ৰদান কৰিব। দৰঙৰ সু-সন্তান তথা ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ই মাদ্ৰাছাৰ সহ: শিক্ষক ২০২০ বৰ্ষত “কাব্যসূৰ্য” বঁটা প্ৰাপ্ত অজয় বৰুৱাক ২০২১ বৰ্ষৰ প্ৰাগজ্যোতিষ “শিক্ষা বাৰিধি” বঁটাৰ লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্য আৰু শিক্ষাক সমান্তাৰালভাৱে আগবঢ়াই লৈ যোৱা বৰুৱাই ধুবুৰী জিলাৰ অতি দুৰ্গম চৰাঞ্চলত নানা প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষা -সাহিত্য-সংস্কৃতি দিশত ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিবলৈ সক্ষম হৈছে। দৰং জিলাৰ বানেইকুছি গাঁৱৰ ললিত বৰুৱা আৰু সূমিত্ৰা বৰুৱাৰ পুত্ৰ অজয় বৰুৱাক যোৱা ৫ চেপ্তেম্বৰ২০২১ ত ধুবুৰী জিলাই কৃৰ্তী শিক্ষকৰ বঁটাও প্ৰদান কৰছ্ন। বৰুৱাদেৱে ইতিমধ্য “মাতাল হোৱা জোখাৰে নিঃসংগ মই”, “সোঁৱৰিলে ভাল লগা সুগন্ধি অনুৰাগ”, “সানালী সাঁকো তুমি জগতৰ গুৰু”, সাঁকো” আৰু “মুকুতামালা” নামৰ পাঁচখনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও উন্নত মানদণ্ডৰ লেখাবোৰ অসমৰ আগশাৰীৰ প্ৰায় কেইখন ছপা-বাতৰি কাকত, আলোচনীত নিয়মিত ভাৱে প্ৰকাশ হৈ থাকে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাকত-আলোচনীটো লেখা প্ৰকাশ কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। এসময়ত অসমীয়া খবৰ, দৈনিক বাতৰি কাকত, সুপ্ৰভাত, সাপ্তাহিক নতুন প্ৰবাহ আদি বাতৰি কাকতত স্থানীয় সংবাদ দাতা হিচাপে কাম কৰা বৰুৱাক ২০০৬ চনত গণ সচেতনা প্ৰকল্পৰ সাপ্তাহিক নতুন প্ৰবাহৰ পৰা “উদীয়মান সাংবাদিকতাৰ বঁটা” প্ৰদান কৰিছিল। বহু ঠাইত শ্ৰেষ্ঠ কৰিৰ সন্মান লাভ কৰা বৰুৱা “আজিৰ কবিতা” নামৰ কাব্যলোচনী এখনৰ কাৰ্যকৰী সম্পাদক আৰু “অন্তৰীপ” নামৰ এখন ই-মেগাজিনৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে। বিশিষ্ট কবি পৰ্যালোচক বিপুল শৰ্মাদেৱে সঞ্চালনা কৰা কবিতাৰ অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিশিষ্ট কবিসকলে কবিতা পাঠ কৰে আৰু অনুষ্ঠানখনৰ এক মাত্ৰ প্ৰদান কৰে। কাব্যজগত খনত আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে আজিৰ কবিতাই প্ৰতি বছৰৰ দৰে ২০২১ বৰ্ষৰ আজিৰ কবিতাৰ কাব্য শিৰামণি, কবিকণ্ঠ, কাব্যসূৰ্য, কাব্য কেশৰী, কাব্যপ্ৰাণ, কাব্য মহীয়হী, কাব্য সুৰভি, কাব্য মঞ্জুৰী, মানৱতাবাদী, কাব্য প্ৰেৰণা আদি বঁটা সমূহ অসমৰ কেইজনমান বিশিষ্ট কবিলৈ আগবঢ়ায়। ইয়াৰ উপৰিও আজিৰ কবিতাৰ ‘মেজাংকৰি প্ৰকাশনে’ সাংকৃতিক, সংগীত, সাহিত্য, সংবাদ জগতত আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে ৯জন বিশিষ্ট ব্যক্তিক মেজাংকৰি সাহিত্য সাধনা, সাংস্কৃতি সাধনা, সমাজ সাধনা, সংগীত সাধনা, কাব্য সাধনা, শ্ৰেষ্ঠ উপন্যাসিক, সংবাদ সাধনা আদি বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে কুৰিখনতকৈয়ো অধিকখন গ্ৰন্থও উন্মোচন কৰে। তাৰ ভিতৰত আজিৰ কবিতাই আয়োজন কৰা কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাত স্থান প্ৰাপ্ত বহু কেইখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। আজি বত্ৰিশ বছৰে প্ৰকাশ হৈ অহা কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা “আজিৰ কবিতা”খন উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: