অসম

কেনভাচৰ উদ্যোগত ব্যায়াম আৰু যোগাসন কৰ্মশালা

সংবাদদাতা, টংলা:- সমগ্ৰ দেশত কৰোনা মহামাৰীয়ে জনগণক গৃহবন্দী কৰি এক প্ৰকাৰ মানসিক যন্ত্ৰণা দি অহা সময়তে ওদালগুৰি জিলাৰ বনিয়াপাৰাৰ নিবাসী এন এছ ডিৰ স্নাতক উদীয়মান নাট্য শিল্পী জয়ন্ত ৰাভাৰ মানস পুত্ৰস্বৰূপ “কেনভাছ”ৰ উদ্যোগত

ছাত্র-ছাত্ৰীৰ শাৰীৰিক মানসিক বিকাশৰ উদ্দেশ্যে ২৩ দিনীয়া শাৰীৰিক ব্যায়াম আৰু যোগাসনৰ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত শাৰীৰিক মানসিক ভাবে এজন ছাত্র বা ছাত্ৰীক কেনেকৈ প্ৰস্তুত কৰিব লাগে লগতে কোভিড মহামাৰীৰ পৰা কেনেকৈ আমি বাচিব পাৰো

বা মহামাৰীৰ সতে সহবাস কৰিব পাৰি তাৰ নীতি-নিয়মক আগস্থান দি কৰ্মশালাখন আগুৱাই নিয়া হয়। কৰ্মশালাখনত প্ৰায় ৩০ জন প্ৰশিক্ষাৰ্থীক শাৰীৰিক ব্যায়াম আৰু যোগাসন প্ৰশিক্ষণ দিয়ে ক্ৰমে সোনমনি শৰ্মা, বাণী শইকীয়া, ভৰত চুতীয়া আৰু জয়ন্ত ৰাভাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: