অসম

কোকিলাত কিশোৰী অপহৰণকাৰীক খেদি খেদি কৰায়ত্ব : জেললৈ প্ৰেৰণ

সংবাদদাতা, বঙাইগাঁও : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাৰ পৰা এসপ্তাহমান পূৰ্বে এগৰাকী কিশোৰীক অপহৰণ কৰে। সেই সম্পৰ্কে কোকিলা আৰক্ষীক কিশোৰী গৰাকীৰ পৰিয়ালে দাখিল কৰে এখন এজাহাৰ। কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হৰগোবিন্দ হালৈয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই থাকে।

অৱশেষত দুদিন পূৰ্বে কিশোৰী অপহৰণকাৰীক আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে। জানিব পৰা মতে বালাৰচৰৰ জুৰান আলী মণ্ডলৰ পুত্ৰ সাইজুদ্দিন মণ্ডল (২২)যে প্ৰায় এসপ্তাহ পূৰ্বে গোলাপাৰাৰ পৰা কিশোৰী গৰাকীক বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যায়। কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰগোবিন্দ হালৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোক দেখি পথাৰৰ মাজৰে দৌৰি পলাবলৈ চেষ্টা কৰে অপহৰণকাৰী সাইজুদ্দিনে।

পিছত গাঁওৰক্ষী বাহনিৰ সহযোগত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে। গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী কিশোৰী গৰাকীক অপহৰণ কৰি ঘৰত আৱদ্ধ কৰি যৌন নিৰ্যাতন চলায় বুলি কিশোৰীৰ পিতৃয়ে অভিযোগ কৰিছে।পূৰ্বেতেও  সাইজুদ্দিনে প্ৰেমৰ ছলনাৰে বিয়া কৰাইছিল আন এগৰাকী কিশোৰীক। পিছত সাইজুদ্দিনক কোকিলাৰ আৰক্ষীয়ে আজি জেললৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: