অসম

কোকৰাঝাৰ আৰু ঢেকীয়াজুলি কাণ্ড ফাষ্টট্ৰেক আদালতত বিচাৰ কৰিবলৈ আহ্বান

সংবাদদাতা, টংলা : কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিত নৃশংস হত্যা কাণ্ডৰ উচিত তদন্ত কৰি নৰপিশাসক কেইটাক ফাষ্টষ্ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ আজি টংলা কুকুৰাকটাস্থিত টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এক সংবাদমেলত সাংবাদিকক সম্বোধন কৰি ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হেমেন ৰাভাই আহ্বান জনায়। জিলাখনৰ এটা ৰাভা পৰিয়ালৰ দুৰ্ভগীয়া দুজনী কিশোৰী সমইনা ৰাভা (১৪)আৰু ৰবিতা ৰাভা (১২)ক ধৰ্ষণ কৰি হত্যাকাণ্ড সংঘটিত কৰা দুৰ্বৃত্ত কেইটাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনালোঁ।‌

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডি জি পি ভাস্কৰ জ্যোতি মহন্তক তৎপৰতাৰে মুখ্য ভূমিকা গ্ৰহণ কৰি দোষীকেইজনক আটক কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিলো।আনহাতে চলিত বছৰতে ফেব্ৰুৱাৰী মাহত শোণিতপুৰ জিলা ৰ চপাই বালিগাঁৱত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল জিলি ৰাভা(৪৫ ) আৰু কৰবী ৰাভা (১২)।ঢেকীয়াজুলি থানাৰ অন্তৰ্গত সংঘটিত হোৱা মাক আৰু জীয়েকৰ হত্যাকাৰীক আজিকোপতি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল। তেতিয়াৰ বিধায়ক বৰ্তমানৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত তেখেতক ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাই তীব্ৰ ভাৱে গৰিহণা দিছো।

তেখেতৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা দুৰ্ভাগ্যজনক ঘটনাটিয়ে আমাক বিশেষকৈ ৰাভা ৰাইজক ব্যথিত কৰি তুলিছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডি জি পি ভাস্কৰজ্যোতি মহন্তই সঠিক পদক্ষেপ গ্ৰহণ কৰি উক্ত নৃশংস হত্যাকাণ্ডৰ উচিত বিচাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উক্ত দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ আমি আহ্বান জনালো। অন্যথাই সমগ্ৰ ৰাভা ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ কুণ্ঠাবোধ নকৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: