অসম

কোচ ৰাজবংশী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতি গঠন

সংবাদদাতা, পশ্চিম যোৰহাট:- কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিখন মুক্তিযুঁজাৰু ভৱনত ৫ ডিচেম্বৰত অনুষ্ঠিত সভাত গঠন কৰা হয়। বিমান হাজৰিকাৰ সভাপতিত্বত জগন্নাথ অগ্নিবৰাই আঁত ধৰা সভাখন মুনমী বৰবৰুৱা দত্তই পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হয়। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক পাৰ্থজ্যোতি বৰা, সাংগঠনিক সম্পাদক দিগন্তপাপু শইকীয়া, উন্নয়ন পৰিষদৰ সদস্য বিক্ৰম দাস, প্ৰজীৱ দত্ত, জিলা সন্মিলনীৰ সম্পাদক প্ৰবীৰ বৰাই বক্তব্য আগবঢ়োৱা সভাত বিমান হাজৰিকাক সভাপতি, অঞ্জন দত্তক কাৰ্যকৰী সভাপতি, প্ৰফুল্ল হাজৰিকাক সম্পাদকৰূপে লৈ ৩১ জনীয়াকৈ জিলা সমিতিখন গঠন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিলৈ যোৰহাট জিলাৰ সদস্যৰূপে ৰূপৰ ৰঞ্জক দত্তক নিৰ্বাচিত কৰে। সভাত দৌৰবিদ অভিজিৎ বৰুৱা, সংবাদদাতা ৰমেন শইকীয়া, চুতীয়া জাতি ছাত্ৰ সন্থাৰ ৰাজবাঢ়ৈ বৰা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়টো ৰাষ্ট্ৰীয় উপপথৰ কাষত থকা চিলাৰায় ভৱনত পৰিচালনাৰ লগতে ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: