অসম

ক’ৰনাত আক্ৰান্ত হৈ থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ফাৰ্ম-টু-ফুডে প্ৰদান কৰিলে খাদ্য সামগ্ৰীৰ টোপোলা

সংবাদদাতা, পশ্চিম যোৰহাট : কলীয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যত পৰিচালিত হৈ থকা বেচৰকাৰী সংগঠন ফাৰ্ম-টু-ফুডৰ হৈ কৰ্মীসকলে ক’ৰনাত আক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থকা ৰাজ্যখনৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহক প্ৰদান কৰি আছে একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা।

টোপোলাটোত আছে ২৫ কেজি চাউল, ৫ কেজি মচুৰ, ৫ কেজি চিৰা,১০ কেজি আলু, ২ কেজি পিঁয়াজ, ৩ লিটাৰ মিঠাতেল, ১ কেজি নিমখ, ২ কেজি চেনী, ২৫০ গ্ৰাম চাহপাত, ২ টা ৰঙালাউ, ১ টা কোমোৰাৰ লগতে চেনিটাইজাৰ আৰু ৬ খনকৈ মাস্ক। যোৰহাট জিলাখনৰ অন্যান্য স্থানৰ লগতে পশ্চিম যোৰহাট অঞ্চলৰ

পুলিবৰ ডেকাগাঁৱৰ ১৫ টা, পকামূৰা বৰশইকীয়াৰ ১১ টা, বাহেক গাঁৱৰ ১৩ টা, কাঠনিবাৰীৰ ৪ টা পৰিয়ালক উক্ত খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা ফাৰ্ম-টু-ফুডৰ হৈ বাণী হাজৰিকা, বিকাশ গগৈ আৰু পৰাগ মহন্তই পৰিয়ালসমূহক ২২ মে’ তাৰিখে প্ৰদান কৰে। এই ক্ষেত্ৰত স্থানীয় কেইজনমান লোকে ফাৰ্ম-টু-ফুডৰ

কৰ্মীসকলক নিজ নিজ এলেকাত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণত সহযোগিতা কৰাৰ পাছতে ছ’চিয়েল মেডিয়াত ফ’টোসহ সহযোগিতা কৰা কৰ্মীসকলে জড়িত থকা অনুষ্ঠান-সংগঠনৰ হৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰা বুলি প্ৰচাৰ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনৰ সান্দহেৰে বিহু পতা বুলি এইসকল সমাজকৰ্মীক ৰাইজে আখ্যা দিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: