স্বাস্থ্য আৰু জীৱন শৈলী

ক’ৰনাত আক্ৰান্ত হৈ ১.৫ ইঞ্চি চুটি হৈ পৰিল যুৱকৰ যৌনাংগ

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুৰুষৰ যৌনাংগ চুটি হৈ যাব পাৰেনে? আমেৰিকাৰ এক যুৱকৰ এনে দাবীক লৈ স্তম্ভিত হৈ পৰিছে গৱেষক। দৰাচলতে ঘটনাটো নো কি? আমেৰিকাৰ ৩০ বছৰীয়া এই যুৱকজন কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হয় আৰু অৱশেষত সম্পূৰ্ণ সুস্থ হৈ উঠে। কিন্তু তাৰ পাছতে তেওঁ দাবী কৰে যে তেওঁৰ পুৰুষাংগ শিথিল হৈ পৰিছে, যাৰ বাবে তেওঁ চিকিৎসা আৰম্ভ কৰে। চিকিৎসা আৰম্ভ হোৱাৰ সময়তে যুৱকজনে লক্ষ্য কৰে যে তেওঁৰ লিংগ পূৰ্বতকৈ কমেও চাৰি ছেন্টিমিটাৰ অৰ্থাৎ ১.৫ ইঞ্চি চুটি হৈ গৈছে। যুৱকজনে ‘হাউ টু ডু ইট’ নামৰ এক যৌনতা বিষয়ক পডকাষ্টত এই বিষয়ে সদৰী কৰি জনায়, ‘’অসুস্থ হোৱাৰ পূৰ্বে মোৰ গোপনাংগ খুব ডাঙৰ নহলেও স্বাভাৱিক আছিল। কিন্তু এতিয়া দেখিছো এইটো প্ৰায় ১.৫ ইঞ্চি কমি গৈছে। চিকিৎসকলে কৈছে এই পৰিৱৰ্তন স্থায়ী। ইয়াৰ ফলত বিশেষ একো নঘটে যদিও ই আত্মবিশ্বাস হ্ৰাস কৰিব।‘’

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: