কৰ’না মহামাৰীৰ বাবে স্থগিত শিৱসাগৰ ৰে’লৱে কলনিৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা

সংবাদদাতা, শিৱসাগৰ:- শিৱসাগৰ নগৰৰ পিয়লি ফুকন নগৰ, ৰেলৱে কল’নিৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন সমিতিয়ে ২০২০ বৰ্ষতে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। পিয়লি ফুকন নগৰ, ৰে’লৱে কলনিৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন সমিতিয়ে পূৰ্বতকৈ অধিক বিস্তৃত কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ পৰিকল্পনা কৰা হৈছিল যদিও কৰ’না মহামাৰী বাবে ২০২০-২১ বৰ্ষত ৰাসলীলা উদযাপন কৰিব পৰা নগ’ল। আগন্তুক ২০২২ বৰ্ষতহে আড়ম্বৰপূৰ্ণভাৱে ৰাসলীলা অনুষ্ঠিত হ’ব বুলি আহ্বায়ক মণ্ডলীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।
লগতে অনুষ্ঠানৰ লগত জড়িত সকলো শিল্পী, গীতিকাৰ, ব্যৱসায়, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সমূহ শুভাকাংক্ষী সকলক পৰৱৰ্তী কাৰ্যসূচীত সকলো ধৰণৰ সহায়-সহযোগিতা কৰাৰ কামনা কৰিছে। আনহাতে অহা ১৯ নৱেম্বৰৰ সন্ধিয়া ৰাসপূৰ্ণিমাৰ দিনা ৰে’লৱে কলনিৰ নামঘৰ প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বাবে সকলো শুভাকাংক্ষীকে পিয়লি ফুকন নগৰ, ৰেলৱে কলনিৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন সমিতি আহ্বায়ক মণ্ডলীৰ হৈ দেৱজ্যোতি চাংমাই আৰু গিৰিশ মহনে আহ্বান জনাইছে।