অসম

কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ স্মৃতি দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত ৰণুৱা, আজীৱন সমাজসেৱী, সু-প্ৰসিদ্ধ ব্যায়াম বীৰ, বিধায়ক, অভিনেতা, অসম শক্তি মেলাৰ প্ৰৱৰ্তক, সবাতোপৰি সদৌ অসম গাঁৱৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক কৰ্মপ্ৰাণ হৰিনাৰায়ন বৰুৱাৰ স্মৃতি দিৱস সমগ্ৰ ৰাজ্যতে পৰিচালিত হৈ থকা আঠ হাজাৰৰো অধিক গাঁৱৰক্ষী বাহিনীয়ে থানা-আৰক্ষী চকীসমূহৰ সহযোগত পালন কৰে। ১৯০১ চনৰ ১৬ ডিচেম্বৰত ন-গাঁও জিলাৰ ৰহাৰ গড়মাৰি গাঁৱত ৰহিয়াল বৰুৱাৰ বংশত জন্ম গ্ৰহণ কৰা হৰিনাৰায়ন বৰুৱা পিছলৈ যোৰহাটৰ বড়ি গাঁৱৰ স্থায়ী বাসিন্দা হয়। তেখেতৰ উদ্যোগতেই নগা বিদ্ৰোহী লুণ্ঠন, চুৰি, ডকাইটিৰ নিৰাকৰণৰ উপায়স্বৰূপে ১৯৪৯ চনত তিতাবৰৰ বিৰিণাসায়েকত প্ৰথমখন গাঁৱৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমত বৰুৱাৰ জীৱনৰ কৃতিস্তম্ভ হৈ সমগ্ৰ ৰাজ্যতে গাঁৱৰক্ষী বাহিনীয়ে প্ৰসাৰতা লাভ কৰাত ১৯৫৩ চনৰ পহিলা এপ্ৰিলত গাঁৱৰক্ষী বাহিনীক চৰকাৰে স্বীকৃতি প্ৰদান কৰে আৰু প্ৰতিমাহতে আৰ্থিক অনুদান চৰকাৰে দিয়াৰ ব্যৱস্থা কৰে। সেইসময়ত বৰুৱা বিধায়ক আছিল বাবে তেওঁকে গাঁৱৰক্ষী বাহিনীৰ উপদেষ্টাৰ পদত চৰকাৰে অধিষ্ঠিত কৰে। ১৯৬৯ চনৰ ২৩ আগষ্টত বৰুৱাৰ স্বৰ্গগামী হ’ল যদিও ৰাজ্যৰ প্ৰায় প্ৰতিখন গাঁৱতে ৰাইজেই গাঁৱৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰি পৰিচালনা কৰি আছে। চৰকাৰে পঞ্জীয়নভুক্ত প্ৰতিখন গাঁৱৰক্ষী বাহিনীকে বৰ্তমান ২, ৫০০ টকাকৈ অনুদান প্ৰতিমাহে দি আছে। গাঁৱৰক্ষী বাহিনীসমূহে প্ৰতিষ্ঠাপকজনৰ মৃত্যু দিন স্মৃতি দিৱস হিচাপে পালন কৰাৰ লগতে ২৯ জানুৱাৰীৰ দিনটো প্ৰতি বছৰে গাঁৱৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট পুলিবৰ আৰক্ষী থানাৰ এলেকাত পৰিচালিত হৈ থকা ১৬৩খন গাঁৱৰক্ষী বাহিনীয়ে পুলিবৰ থানাৰ সমীপতে থকা থানা গাঁৱৰক্ষী বাহিনীৰ কাৰ্যালয়ত হৰিনাৰায়ন বৰুৱাৰ ৫২ সংখ্যক স্মৃতি দিৱস পালন কৰে। আৰম্ভণিতে কৰ্মপ্ৰাণ হৰিনাৰায়ন বৰুৱাৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি থানা গাঁৱৰক্ষী বাহিনীৰ সভাপতি অৰুণ শৰ্মাই ধূপ-দীপ প্ৰজ্বলন আৰু মাণিক বৰা প্ৰমুখ্যে গাঁৱৰক্ষী বাহিনীৰ সৈতে জড়িতসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে। অৰুণ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ আঁত ধৰি চক্ৰ সংগঠক ৰাজেন দাসে গাঁৱৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ন বৰুৱাৰ স্মৃতি দিৱস পালনৰ সম্পৰ্কত ব্যাখ্যা কৰে। পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই কৰ্মপ্ৰাণ হৰিনাৰায়ন বৰুৱাৰ জন্ম কাহিনী, কৰ্মময় জীৱন, সমাজৰ উন্নয়নৰ বাবে আগবঢ়াই থৈ যোৱা অৱদান বিশেষকৈ শক্তি মেলা অনুষ্ঠিত, শান্তি সেনাক দিয়া প্ৰশিক্ষণ, গাঁৱৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীৰূপে আগবঢ়োৱা অৱদান আৰু কাৰাবাস খতাৰ সম্পৰ্কে ভাষণত উল্লেখ কৰি প্ৰতিখন গাঁৱৰক্ষী বাহিনীকে সবল আৰু শক্তিশালী কৰি ৰখাৰ বাবে কৰ্মীসকলৰ কৰণীয়ৰ সম্পৰ্কত উল্লেখ কৰে। পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি চুতিয়াই পুলিবৰ থানা এলেকাত পৰিচালিত হৈ থকা গাঁৱৰক্ষী বাহিনীসমূহৰ কাম-কাজৰ প্ৰশংসা কৰি কৰ্মীসকলক উৎসাহিত কৰে। সভাত খঙীয়াৰ মাণিক বৰা, বৰআহোম গাঁৱৰ কৰবী বৰচেতিয়া, গৰুমৰা অঞ্চলৰ কণমইনা দাসে বক্তব্য আগবঢ়ায়। যোৰহাট থানা এলেকাৰ ১২৪খন গাঁৱৰক্ষী বাহিনীয়ে পটীয়া গাঁৱৰ শংকৰজ্যোতি কলাকৃষ্টি সংঘত বৰুৱাৰ স্মৃতি দিৱস পালন কৰে। চক্ৰ সংগঠক মনোজ দুৱৰাই আঁত ধৰা সভাত সমাজকৰ্মী জগন্নাথ অগ্নিবৰা, চৰকাৰী গাঁওবুঢ়া অচিন্ত দত্তই বক্তব্য আগবঢ়ায়। দুয়ো স্থানত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: