অসম

কৰ্মসংস্থাপনৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ যোৱা টিংখাঙৰ যুৱকৰ কৰুণ মৃত্যু

সংবাদদাতা, টিংখাং : কৰ্মসংস্থাপনৰ উদ্দেশ্যে চাৰি বছৰ পূৰ্বে বহিঃৰাজ্য কেৰেলালৈ গৈছিল টিংখাঙৰ যুৱক হীৰামন তিনিকুৰীয়া ওৰফে লাল ভাই ৷ ২৩ বছৰীয়া যুৱকজনে য়োৱা দুটা বছৰ দিন ধৰি কেৰেলাৰ উটেম জিলাৰ চেন্ট গল্ডছ নামৰ কোম্পানী এটাত নিয়োজিত হৈ আছিল ৷ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে নিজ ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ গৈ বহিঃৰাজ্যতে ৰহস্যজনক মৃত্যুক সাৱটি লব লগাত এতিয়া পিতৃগৃহ টিংখাঙত এতিয়া এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা থুলাই গাঁৱৰ সোনাৰাম তিনিকুৰীয়াৰ আৱাসগৃহত এতিয়া বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ অকাল মৃত্যুক সাৱটি লোৱা যুৱকজনৰ পৰিয়ালে এই ঘটনাক এক হত্যাকাণ্ডৰ ঘটনা বুলি দাবী কৰিছে৷ উল্লেখ্য যে কেৰেলাত একেলগে কৰ্মৰত সহকৰ্মীয়ে যোৱা শনিবাৰে মৃত যুৱকজনৰ টিংখাঙৰ পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰি কয় যে হীৰামন শুক্ৰবাৰৰপৰা নিৰুদ্দেশ হৈ আছিল আৰু আজি যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ এই খবৰে পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে ৷ পৰিয়ালৰ লোকে ঘটনাটোৰ উচিত তদন্তৰ দাবী তুলিছে৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি কেৰেলাতে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা কৰি কৰ্মৰত কোম্পানীটোৱে বিমান যোগে যুৱকজনৰ মৃতদেহ ডিব্ৰুগড়লৈকে পঠাব৷ পৰিয়ালৰ লোকে ডিব্ৰুগড় বিমান বন্দৰত মৃতদেহটো চমজি লব ৷ ঘটনাটোৱে সমগ্ৰ মাহমৰা এলেকাত শোকৰ ছাঁ পেলাইছে ৷ কৰ্মসংস্থাপনৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ যোৱা আৰু কিমান যুৱক- যুৱতীয়ে এনেদৰে মৃত্যুমুখত পৰিব। সেয়া চৰকাৰে গুৰুত্বসহকাৰে ল’বনে ?

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: