অসম

খাদ্য যোগান বৰপেটাৰোডৰ জোনাক ফাউণ্ডেচনৰ

আমিনুল হক : সমগ্ৰ দেশতে কৰ’না মহামাৰীৰ আতঙ্কই তচনচ কৰি পেলাইছে মানুহৰ জীৱন। সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো ক’ৰোণাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই সময়ত সমগ্ৰ ৰাজ্যতে চলি থকা মিনি লকডাউনে অচল কৰি পেলাইছে জনজীৱন। এই দুৰ্যোগৰ সময়ত বহুতৰ লগতে অতিকৈ বিপদত পৰা পদপথৰ নিঃসহায় লোকসকলৰ দূৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক সহায় কৰাৰ সংকল্পৰে ৰাজপথলৈ ওলাই আহিছে বৰপেটাৰোডৰ জোনাক ফাউণ্ডেচন নামৰ বে-চৰকাৰী সংস্থা।

২ জুন তাৰিখে জোনাক ফাউণ্ডেচনৰ এটি সজাতি দলে বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনৰ ওচৰ-পাজৰে থকা বহুকেইগৰাকী অসহায় লোকক খাদ্য-সামগ্ৰী যোগান ধৰাৰ লগতে ৰাইজক কৰ’না মহামাৰীৰ প্ৰতি সজাগ কৰিবলৈ চেষ্টা কৰে। বৰপেটাৰোডৰ উদিয়মান যুৱ-প্ৰজন্মৰ উদ্যোগত গঢ় লৈ উঠা জোনাক ফাউণ্ডেচনে লোৱা এই কাৰ্যসূচীক বিশেষভাৱে সলাগ লৈছে বৰপেটাৰোড অঞ্চলৰ সচেতন মহলে আৰু আগন্তুক দিনতো এই ধৰণৰ মানৱীয়-সামাজিক কাম-কাজত আগভাগ লৈ থাকিবলৈ উক্ত ফাউণ্ডেচনৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে।

জোনাক ফাউণ্ডেচনৰ এই মহান কামটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সজাতি দলটোত আছিল ক্ৰমে ছফি কামাল ৰহমাতুল্লাহ, আমিনুল হক, হাকিম আলী, আমিৰ হুছেইন, শ্বাহাদত হুছেইন, হাইদৰ আলী, বাহাৰুল ইছলাম, ৰাজমূল হাছান তালুকদাৰ, আৰিফুল প্ৰধানী, অনুপ কুমাৰ প্ৰসাদ। অনাগত দিনতো সমাজৰ পিছপৰা তথা অসহায় সকলৰ বাবে জোনাক ফাউণ্ডেচনে সদায় কাম কৰি যাব বুলি কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: