অসম

খাৰুপেটীয়াত অট্টালিকা নিৰ্মাণৰ বাবে বাঁহ বান্ধি বন্ধ কৰিলে এটা ব্যস্ত পথ

সংবাদদাতা, দলগাঁও:- খাৰুপেটীয়াত এটি ব্যস্ত পথত বাঁহ বান্ধি বন্ধ কৰাক‌ লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পথচাৰী সকলৰ মাজত। উল্লেখযোগ্য যে খাৰুপেটীয়াৰ মহাবীৰ ৰোডৰ পৰা ইছলামপুৰ, বাইগৰমাৰী হৈ চৰাঞ্চললৈ যোৱা অতি ব্যস্ত পথত নিজৰ আধিপত্য দেখুৱাই ৱাৰ্ড খনৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ পকী অট্টালিকা নিৰ্মাণৰ বাবে প্ৰায় দুমাহ ধৰি পথ চোৱাত শিল, বালি আদি পেলাই যাতায়ত বিঘ্নিত কৰি পেলায়। এই সন্দৰ্ভত ৰাইজৰ অভিযোগ, খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ পৰা ইছলামপুৰ, বাইগৰমাৰি, কেউৱাটচুবা, মাগুৰমাৰী আদি গাৱলৈ যোৱা চৰকাৰী পথত শিল-বালি পেলাই বন্ধ কৰি থোৱাৰ ফলত এম্বুলেন্স সেৱা, মাছ-পাচলি কঢ়িওৱা গাড়ীৰ লগতে উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল যাতায়তত ক্ষেত্ৰত বাধাৰ সম্মুখীন হ’বলগীয়া হৈছে। বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো ৰাইজৰ সুবিধাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদি বাহ বান্ধি বন্ধ কৰি ৰাখে পথটো। যাক লৈ দেওবাৰে এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় ঘটনাস্থলীত। একেদৰে উক্ত অবিবেচক কাণ্ডই বন্ধ কৰি পেলাইছে চৰকাৰী ধনেৰে পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰা নলা। চৰকাৰী পথ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা ব্যক্তি গৰাকীৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ লগতে যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: