অসম

খাৰুপেটীয়াত ক্ৰিকেট খেলক লৈ দুই ফৈদৰ মাজত মাৰপিট

সংবাদদাতা, দলগাঁও:- দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খেতাশ্বৰ গাঁৱত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা। অভিযোগ অনুসৰি, গাঁওখনৰ ছাইদুৰ ৰহমানৰ ১২ বছৰীয়া পুত্ৰ মোক্তাৰ হুছেইন আৰু ১৫ বছৰীয়া পুত্ৰ জাকিৰ হুছেইন শনিবাৰে ক্ৰিকেট খেলি থাকোতে বল গৈ আব্বাছ আলীৰ পুত্ৰৰ গাত পৰে। পুত্ৰৰ গাত বল পৰাৰ অপৰাধত ছাইদুৰ ৰহমানৰ দুই সন্তানক উপৰ জোপৰি আক্ৰমণ কৰে আব্বাছ আলীৰ পৰিয়ালে। উক্ত খবৰ পাই ছাইদুৰ ৰহমান বালুগাঁও পাচলি বজাৰৰ পৰা ৰাস্তাৰে গৈ থকা অৱস্থাত আব্বাছ আলীৰ পৰিয়ালে ঘৰৰ সন্মুখত পথ আগছি ধৰি তেওঁকো আক্ৰমণ কৰে। উল্লেখযোগ্য যে ছাইদুৰ ৰহমানৰ দুই সন্তানৰ চিঞৰ বাখৰ শুনি বাধা দিবলৈ আগবাঢ়ি যায় এগৰাকী গৰ্ভৱতী মহিলা। উগ্ৰ মূৰ্তি ধাৰণ কৰা আব্বাছ আলীৰ পৰিয়ালে মহিলা গৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে ৬ মহীয়া গৰ্ভৱতী মহিলাৰ পেটত গোৰ মাৰে। ফলত গৰ্ভৱতী মহিলা গৰাকী গুৰুতৰভাৱে অসুস্থ হয়। লগে লগে মহিলা গৰাকীক খাৰুপেটীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলা গৰাকী। ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ঘটনাৰ সঠিক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ছাইদুৰ ৰহমানৰ পৰিয়ালে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: