খুহুতীয়া লিমাৰিক | Super 100

বিভিন্ন উৎসৰ পৰা সংগৃহীত কেইটামান খুহুতীয়া লিমাৰিক :

(১)
গছৰ তলত বহি থকা ছোৱালজনীয়ে হ’ল তৃপ্তি
এতিয়াও কিয় বাৰু আহি পোৱা নাই দীপ্তি
আমি আছো চাই
মধুৰিআম খাই
দীপ্তি আহি পালেই আমাৰ কল্পনাৰ হ’ব সমাপ্তি ।


(২)
বালি, চিমেন্ট, ইটা আৰু মিস্ত্ৰীৰ ফিটা
এইবোৰেই আজিকালি মোৰ জীৱনৰ মুখ্য চিন্তা
মোক লাগে বহুত টকা
কাৰণ ঘৰটো কৰিম পকা
সেয়েহে আজিকালি গধূলি ঘৰতে পঢ়ো গীতা।


(৩)
গুটখা বন্ধ কৰি স্বাস্থ্য মন্ত্ৰীৰ হুংকাৰ
অসম মুক্ত হ’ব ধপাতৰ, কমি যাব কেঞ্চাৰ
পাণ দোকানীৰ প্ৰতিবাদ ,
কেনেকৈ মোকলাওঁ পেটৰ ভাত ,
গুটখাই কে’লে, মদ, চিগাৰেটো দেখোন হেল্থৰ বাবে সমানেই ডেঞ্জাৰ ।


(৪)
বাপুকণে পাছ কৰিলে পৰীক্ষাত আজি
দেউতাকে হাঁহ এটা আনিলে খাবলে ভাজি
হ’লেই যেনিবা দুবাৰ ফেইল
তাক যে লাগে চাইকেল
তৃতীয়বাৰ পাছ কৰাত দেউতাক হৈ গ’ল ৰাজি ৷


(৫)
য’তেই যাওঁ তাতেই তোমাকেই পাওঁ
তোমাৰ সৌন্দৰ্যত মজি যাওঁ
গছ, লতা সেউজীয়া
আনন্দত মতলীয়া
আহা, আমি সকলোৱে মিলি প্ৰকৃতিৰ গীত গাওঁ।


(৬)
অসমত এতিয়া বেষ্ট ছেলাৰ নীলমনি ধাবা
বিশ টকাত আঠজনে পেট ভৰাবলৈ পাবা
মন্ত্ৰীয়ে কেতিয়াও মিঁছা কথা নকয়
ধাবালৈ সেয়ে মানুহৰ তামাম সোঁত বয়,
ধাবাত হেনো লিখা আছে,”আঢ়ৈ টকাত খাই বৈ এমাহ বাচন ধুবা।”


(৭)
ৰয়েল তাৰ একমাত্ৰ নাম
কবিতা লিখাই তাৰ কাম
দেখুৱাই ভাবি গুণি
অইনৰ কবিতা থাকে শুনি
শুই থাকি সময় কটাই, নকৰে একো ঘৰৰ কাম ।


(৮)
তিল, ফেনী, নাৰিকলৰ পিঠাবোৰ
চুঙা, টেকেলি, ঘিলা এইবোৰ
আৰু আছে লাৰু
কি বাকী থাকিল বাৰু
গুড়া সান্দহৰ লগত খাম গোটেইবোৰ ।


(৯)
নানা উপজাতি মিলি এক অসমীয়া জাতি
অসম নামৰ ঠাইখিনি আমাৰ মাটি।
সংকল্প লৈছো মিলি থাকিবলৈ
অসমৰ পৰা বাংলাদেশী খেদিবলৈ
নহ’লে আমি হেৰুৱাম আমাৰ ভেটি।


(১০)
কালিলৈ নথ’বা আজিৰ কাম আজিয়েই কৰা
দেউতাকৰ কথা নুশুনা সিহে একোব চৰা
খোৱাৰ কাম আজি কৰা
পঢ়া হ’লে পিছলে থোৱা
কালিলে পঢ়িম বুলি ৰাতি গণে আকাশৰ তৰা৷


(১১)
ভাল লাগে চিনেমা চাই আমীৰ খানৰ
মাৰ পিট চিনেৰে ভৰ্তি থকা চিনেমা ছলমান খানৰ
ৰীনা হীনাৰ আলোচনা
সকলোৱে মন দি শুনা
চেনি খোৱা চিনেমাবিলাক বোলে শ্বাহৰুখ খানৰ।


(১২)
বিহু বুলি আনিছো তিনিটা দৈৰ মলা
ফ্ৰীজত ভৰাই মাৰি থৈছো তলা
চাউল নাই চিৰা নাই
তিল নাই নাৰিকল নাই
এতিয়া আমি বজাৰলৈ যাওঁ ব’লা ।


(১৩)
গছত লাগি আছে বহুতো কেঁচা আম
নিমখ, জলকীয়াৰে আবেলি টকালি পাৰি খাম
ঘড়ীত দুটা বাজিল
সকলো বন্ধু আহিল
এতিয়া অপাৰেচন বাবে আমবাগানলৈ যাম।


(১৪)
কিয় কৰ চবৰ লগত হলি-গলি
সেইবাবে কামবোৰ তোৰ খেলি-মেলি
মহা বদমাছ তই
কাকো নকৰ ভয়
থাকিব নোৱাৰ নেকি সকলোৰে লগত মিলিজুলি।


(১৫)
বিয়নী মেল এতিয়া হ’ল বোলে অতীত
সকলো বিজি ৰং, কালাৰ্ছ, জী টিভিত
পৱিত্ৰ ৰিষ্টা, ৰাগিনি আৰু ভাৰাঘৰ,
সকলোবোৰ মহিলা সংস্থাৰ বৰ মৰমৰ ,
কাৰেন্ট গ’লেও ডেমকেয়াৰ দিনত আকৌ দিয়ে যে চব ৰিপিট ।


(১৬)
আকাশেৰে উৰি গ’ল এজাক চৰাই
খাই আছিলো চোতালত মাহ কড়াই
আছো ভাবি গুণি
মনক দিলো বুজনি
মোবাইলেৰে ফটো ল’ম চোতালৰ পৰাই ।


(১৭)
মোৰ আছে এখন ডাঙৰ নাওঁ
সদায় নদীত মাছ মাৰিব যাওঁ
তই আছ ফুৰি
পকেটত ভৰাই মুৰি
ঘৰত ভজা মাছ চুৰ কৰি খাওঁ।


(১৮)
দুৰ্ঘটনাতো এতিয়াও আছে মনত
পলাই আহি মই লুকাই আছো বনত
ইয়াত আছে শান্তি
তাত হৈছে অশান্তি
ঘটনাটো ঘটিছিল ছোৱালীজনীক ঘূৰি চোৱাৰ ক্ষণত।


(১৯)
বাৰে বাৰে মই হঁও বিফল
পণ কৰিছো এইবাৰ হ’মেই সফল
মূৰত মাৰিছো পাগ
হ’মেই এইবাৰ আগ
বিফলতাৰ উচাহক মই কৰিম নিস্ফল।


(২০)
কামে কাজে কনক বৰ এলেহুৱা
তাৰ অতি প্ৰিয় হ’ল বুট ভজা খোৱা
খাওতে লাগে ভাগৰ
খেলোতে লাগে জগৰ
গধূলি পঢ়িবলৈ বহিলে শিয়ালে দিয়ে হুৱা ।


(২১)
ভিতৰত কোৱাভাতুৰী বাহিৰত ৰংচং
তোৰ বহুৱালি দেখি চবৰে উঠে খং
দেউতাৰৰ বাইক
চলাই মাৰ’ পাইত
কিমাননো দেউতাৰৰ টকাৰে দেখুৱাই ফৰ ঢং।


(২২)
অ’ ৰেখা তই লেটিপেটি কৰি কি পালি
জয়াই প্ৰায়েই অমিতাভক পাৰে গালি
চিলচিলা আৰু অভিমান
মিঃ নটৱৰলাল, নমক হাৰাম
নতুন চিনেমা খনৰ নাম “দ্যা ফুল অউৰ এক মালী “।


(২৩)
বানে ধুই গ’ল সকলোৰে ঘৰ
বালিৰে ভৰিলে সত্ৰ-পথাৰ-ঘৰ
আপোন কিতাপবোৰ
উটি গ’ল বহু দূৰ
দুখ যন্ত্ৰণাই সংগী সহস্ৰজনৰ।


(২৪)
শাক-পাচলিখিনি একদম তেজাল
কালি আনা খাহীটোও বৰ তেলাল
আহিবানে নাই
থাকিম বাট চাই
মোৰ কথাত কিন্তু একেবাৰে নাই ভেজাল।


(২৫)
তুমি মোক নিদিবা দেই ফাঁকি
আজিকালি সকলো পুলিচৰ পোছাক নহয় খাকি
গধূলি তুমি আহিবা
মাহ-প্ৰসাদ ইয়াতে খাবা
কাতি মাহত তুলসীৰ তলত সদায়েই দিওঁ চাকি ।


(২৬)
ল’ৰা দূৰত থাকিলে মাকে মনত পায় মনোকষ্ট
কিজানিবা সংগদোষত সি হয় নষ্ট।
আইৰ সমান হ’ব কোন
নৈৰ সমান ব’ব কোন
ঘৰত থাকিলে আই হয় আপোন মনে তুষ্ট।


(২৭)
ৰাতিটোতে জন্ম লয় নতুন গায়ক
এটা গান গায়েই হৈ পৰে জাতীয় নায়ক
ইংলিছ অসমীয়া কৰি মিক্সাৰ
বিহুগীতৰ সলাই দিয়ে সম্পূৰ্ণ আকাৰ
অসমীয়ায়েই চিনিব লাগিব কোনজন লায়ক৷


(২৮)
ল’ৰা-ছোৱালী তেৰটা শিক্ষক হ’ল কুৰি
বিদ্যালয়ৰ হেডপণ্ডিতৰ কাম তাতেই এশ এবুৰি
এছ এম চি ট্ৰেইনিং আৰু মধ্যাহ্ন ভোজন
তাতে শনিবৰীয়া সভাও হয় সংযোজন
নামভৰ্তিৰ সময়ত ল’ৰা-ছোৱালী বিচাৰি তেওঁ খায় হাবাথুঁৰি ।


(২৯)
কিনো হৈছে দেশখনত চাৰিওফালে জুই
হিংসা বিদ্বেষৰ ফাকু কোনে দিলে চটিয়াই
মাথোঁ হিংসাৰ দাবানল
আতংকিত জীৱন
কেতিয়ানো ফুলিব এই বধ্যভূমিত খৰিকাজাঁই ৷


(৩০)
সৰুতে পঢ়িছিলোঁ আমি সত্যৰ সদায় জয়
এতিয়াচোন অসত্যৰহে সকলোতে বিজয়
পেপাৰৰ হে’ডলাইন
কোনেও নামানে আইন
মানৱীয় প্ৰমূল্যবোধৰ আজি পৰাজয়।

(৩১)
গহীন আতৈ হ’ল সত্ৰৰ ভকত
কালিৰেপৰা ভুগিছে পেটৰ বিষত
সদায় হয় নাম গোৱা
তাতেই হয় খোৱা বোৱা
ঘৈণীয়ে দম দিয়ে কিয় খাই খকত৷


(৩২)
দাঁত ভগা শব্দবোৰ লিখিলেই যদি ল’ব পাৰি কবি নাম
অৰ্থ নাথাকিলেও নাই কবি সন্মিলনিত গৈ সেই কবিতাবোৰহে গাম
সকলোৰে বা: বা: ল’ম
শ্ৰেষ্ঠ কবিও ময়েই হ’ম
এনেকুৱা কবি হোৱাটোৱেই যে আজিকালিৰ আটাইতকৈ সহজ কাম।


(৩৩)
বিশ্বৰ মানচিত্ৰত কাজিৰঙা মোৰ নাম
সেউজভূমি অসমেই মোৰ জন্মস্থান
গঁড় হত্যা কৰি গ’ল
মন্ত্ৰী আমোলা ধনী হ’ল
পাৰিমনে মই ৰাখিব অসমীয়াৰ মান ।


(৩৪)
পুৱাই খিৰিকী খুলি দেখা পালোঁ সেউজীয়া কুঁহিপাত
মাহ,হালধি সনা দৰাৰ দৰে চিকুণ লগাব যেন এষাৰি মিঠা মাত
চোতালত কপৌৰ কুৰুলি
ঘৰৰ চালত ফেঁচাৰ উৰুলি
ব’হাগলৈ বেছিদিন নাই বাপুকণ তই সোনকালে বিয়াখন পাত।


(৩৫)
বেকাৰ জীৱনটো হৈ পৰিছিল টেঙা,
চাকৰিৰ বজাৰো যে আছিল মহঙা।
টাকুৰি ঘূৰাদি ঘূৰি
পৰিছিল সি ভাগৰি
সকলোৱে‍ কৈছিল নহয় তই চেঙা।


(৩৬)
টে’টত বহি অভাজনে পালে চাকৰি,
দূৰণিলৈ অহা-যোৱা নাই যে আহৰি ।
দালালৰ নাই দাম
মেধাই কৰিছে কাম
পাঠদানত ব্ৰতী হয় ক্লান্তি পাহৰি।


(৩৭)
নৱমল্লিকা ভাগৱতী নাম যাৰ
কিনো চাবা তাইৰ আব্দাৰ।
মূৰৰ পৰা নুগুছে টুপি
সদায় থাকে বিড়ি হুপি
প্ৰিয় অভিনেতা বলিউডৰ কেডাৰ।


(৩৮)
তেওঁৰ নাম হ’ল বিশ্বজিত নাথ
ছোৱালীবোৰৰ পৰা খায় সদায় লাঠ।
ৰাতি কৰে টোপনি খতি
পঢ়াত নাই মতি-গতি
দুপৰীয়া হ’লে কৰে ভাগৱত পাঠ।


(৩৯)
মমিতা নৰহৰ এটাই ডাইলগ্‌
“নহয় নহয়” তেনেকুৱা ভাইলোগ।
লেতেৰী বুলিলে উঠে খং
ছ’ৰি বুলিলে কি যে ৰং
নোজোকাবা তেঁওক হৈ যাব দুৰ্যোগ।


(৪০)
লাঠী দাঙি, বন্দুক ধৰি লাগি যা হুৰাহুৰি
হাই কিক, লো পাঞ্চ নাইবা লাগ চুলিয়া-চুলি
মোৰ হাতেৰে সি খায়
কাৰ কি আহে যায়
আগবঢ়োনো কেনেকৈ ভাই, নিজৰ মাজতে অঁৰিয়া-অঁৰি।


(৪১)
ক’লা টকাৰে বগা হয় তেওঁ বিউটি পাৰ্লাৰলৈ গৈ
মিটিঙত মাৰিব যিহে ডাইলগ আই ঐ দেহি ঐ
শিশু শ্ৰমিক বন্ধ কৰক
অত্যাচাৰীক পুলিচে ধৰক
শিশু শ্ৰমিকে বিনাই আছে নিজৰ ঘৰতেই ৰৈ।


(৪২)
কন্ঠিৰ জীয়েক হেনো সুন্দৰী ৰমণী
ডায়েট কন্ট্ৰল কৰি কৰি হৈ পৰিল শুকানী
আল্ট্ৰামডাৰ্ণ মেকআপ
ভ্ৰূক্ষেপ নাই শীত- তাপ
প্ৰত্যেকটো ক্লাছত লয় তিনিবছৰ জিৰণি।


(৪৩)
ডিস্ক’ ডিৱানী আধুনিকা যুৱতী
মদে ভাঙে একাকাৰ খোজ কাঢ়ে উভতি
আধা মিটাৰ বস্ত্র
দেহা ঢকাত কষ্ট
চাঞ্চতে ডেকাসৱে মাৰে মুখচুপতি।


(৪৪)
ৰুজ-মাস্কাৰা ঠিকেই আছে, চেহ ৰ’দতহে ক’লা হ’ব।
ড্ৰেছ আজি দীঘল হ’ল নেকি,চুটি হ’লেহে হট্ হ’ব।
থাৰ্ড-ক্লাছ ল’ৰাবোৰ ইম্মান দুষ্ট,
চিঞৰি জোকাই ব’ৰ কৰে মাত্ৰ,
থ্ৰীজি আইটেন নাথাকিলে-প্ৰেম বাৰু কেনেকৈ হ’ব।


(৪৫)
কাপোৰত ডেনিম্ ,পিটাৰ ইংল্যাণ্ড- যাকে তাকে মই দিব পাৰো দম
পাপ্পাৰ টকাত বাইক দৌৰে, নেতাৰো আছে মোলৈ অকুন্ঠ মৰম।
পানীয়ৰে মোৰ সুগন্ধী দেহা
কাম্মন ডিয়েৰ বাইকত বহা
নবহিলেও কোনো কথা নাই জানা-দহ মিনিটত দহজনী পাম।


(৪৬)
খনিয়া তামোল নৈৰ পাৰতেই ৰ’ল,ম’বাইল আছে টেনশ্যন নাই।
বুকুও নক’পে মাতো নেহেৰায়,দৰৱ-জাতিৰো অসুবিধা নাই।
আজিৰ পিৰীতি মডাৰ্ণ হ’ল,
চিঠি গুচি মেচেজ ফেচবুকত ৰ’ল,
সৎকাৰ সমাৰোহৰ আয়োজনলৈ সাঁজি-কাঁচি আহিলেই হ’ল।।


(৪৭)
পঢ়া-শুনা ব’ৰিং কাৰবাৰ পাৰ্টিতহে সোমাম
আগন্তুক নিৰ্বাচনত ৰাইজক কৰিম প্ৰণাম
হাতলৈ আহিলে ক্ষমতা
ৰাইজক হ’ম নমতা
মেম্বাৰ হৈ সম্পত্তি দুহাতেৰে চপাম।


(৪৮)
কিয় জানো নাহিল এইবাৰ বছৰেকীয়া বানপানী
মনটোৱে সেয়ে নেকি কৰি আছে টনাটনি
নুঠিলে নদীত নাচোন
মনলৈকো নাহে ফাগুন
পৰিবহি জানো হাতত ৰিলিফৰ ধনখিনি।


(৪৯)
গুণোৎসৱত দিছে হিয়া-মন ঢালি,
মৰুময় ভূমিত ম’ৰাই ধৰে চালি।
বাৰ্তা আহে ঘনে-ঘনে
কান্দে হিয়া মনে-মনে
দৰমহা খেলি-মেলি জেপ হৈছে খালী।


(৫০)
নাম তেওঁৰ মনোজ মন কলিতা
দিনতে জ্বলায় যিয়ে চাকি-শলিতা
ছোৱালীলৈ বৰ মৰম
চেনি খায় গৰম গৰম
ৰাতিপুৱাই শুনে তেওঁ গীতিমালিকা।

লিমাৰিকৰ বৈশিষ্ট্যলিমাৰিক কবিতাপ্ৰেমৰ লিমাৰিক
খুহুতীয়া লিমাৰিকৰাজনীতিৰ লিমাৰিক
Back to top button
%d bloggers like this: