অসমস্বাস্থ্য আৰু জীৱন শৈলী

খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৰাজকতাৰ অভিযোগ

স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভোক্তভোগী ৰাইজে

সংবাদদাতা, শিৱসাগৰ : শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ স্বাস্থ্য কেন্দ্ৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। কৰ’না মহামাৰীয়ে ৰাজ্যখনক গ্ৰাস কৰাৰ সময়তে এতিয়া স্বাস্থ্য কেন্দ্ৰটোত চৰম অৰাজকতা চলি অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। স্থানীয় একাংশ ভোক্তভোগী ৰাইজে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে,

পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক ই-মেইলৰ জড়িয়তে বিষয়টো সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত সমস্যাৰ সমাধান নহ’ল৷ এইক্ষেত্ৰত নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পৰা ইতিবাচক সহাৰি আশা কৰিছে ভোক্তভোগী ৰাইজে৷ ৰাইজৰ অভিযোগ যে, সাম্প্ৰতিক কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ

প্ৰতি লক্ষ্য ৰাখি বিস্তীৰ্ণ এলেকাজুৰি থকা খণ্ডটো আজিলৈকে হোৱা নাই কোনোধৰণৰ সজাগতামূলক কাৰ্য্যসূচী। বিশেষকৈ খেলুৱা স্বাস্থ্য খণ্ডৰ মূৰব্বীগৰাকী মইবৰ নীতি আৰু ৰাইজৰ অভিযোগৰ প্ৰতিও আওকণীয়া মনোভাৱ৷ তদুপৰি চিকিৎসালয়খনৰ ৰোগীৰ বাবেও নাই  কোনোধৰণৰ খোৱা পানীৰ ব্যৱস্থাও।

আন্তঃগাঁথনি ব্যৱহাৰৰ ক্ষেত্ৰতো চূড়ান্ত অপব্যয়ৰ অভিযোগ ৰাইজৰ৷ ইয়াৰ উপৰিও চিকিৎসালয়খনৰ জৰুৰীকালীন সেৱাৰ বাবে নিয়োজিত বাহনখনো বৰ্তমান পৰিতত্ব অৱস্থাত৷ বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো গ্ৰাম্যঅঞ্চলৰ সহজ-সৰল

লোকসকল আজিও উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত। আনহাতে পৰিচালনা সমিতিখন সম্পূৰ্ণ নিস্ক্ৰিয় আৰু নিজস্ব মইমতালিত গঠন কৰি তুলিছে বুলিও অভিযোগ একাংশ সচেতন ৰাইজৰ। এতিয়া স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ভোক্তভোগী ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: