অসম

খৈৰাবাৰী গুৰিহাটী পৰা নিছিলামাৰী পথত পুখুৰী সদৃশ গাঁত

মৰাসুঁতি নদীৰ গৰাখহনীয়াত বিপৰ্যস্ত জনজীৱন : পথ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী স্থানীয় ৰাইজৰ

সংবাদদাতা, টংলা : গৌৰৱোজ্জল স্বাধীনতাৰ ৭৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিকোপতি  ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটীৰ পৰা নিছিলা মাৰী শ্যামবাৰী চাৰিআলি লৈকে যোৱা এটি গুৰুত্বপূৰ্ণ গ্ৰাম্য জীৱনৰ আয়ুস ৰেখা সদৃশ পথ পকীকৰণ নোহোৱা কাৰ্যই যুগ যুগ ধৰি উন্নয়নৰ জয়গান হোৱা চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে দিছে। ৬৪ নং পানেৰী আৰু ৬৫নং কলাইগাঁও বিধানসভা সমষ্টিৰ সীমামূৰীয়া অঞ্চলৰ উক্ত গুৰুত্বপূৰ্ণ পথটিৰ সম্পৰ্কত স্থানীয় ৰাইজে অভিযোগ কৰামতে বিগত সময়চোৱাত বিধায়ক,

মন্ত্ৰী তথা চৰকাৰক আবেদন নিবেদন কৰা হৈছিল যদিও আজিলৈকে উচিত  পদক্ষেপ লোৱা দৃষ্টিগোচৰ নহ’ল। পথটিৰ দুৰৱস্থাৰ বাবে আজি ৰাইজে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে। পুখুৰী সদৃশ পথছোৱা ৰ বাবে ছাত্ৰ-ছাত্ৰী,পথচাৰী ,ব্যৱসায়ীয়ে দুৰ্ভোগ ভোগাই নহয় এম্বুলেন্স আহ-যাহ কৰিবলৈ নোৱাৰাৰ ফলত ডেলিভাৰীয়ে হওক নাইবা অন্যান্য কঠিন বেমাৰী লোকৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি হৈছে। বেয়া ৰাস্তা বুলি এম্বুলেন্স আহিব নোখোজে। ইতিমধ্যে এজন ল’ৰা বাগৰি পৰি ভৰি ভাগিছে। নিছিলামাৰী মৰাসুঁতি নদীৰ গৰাখহনীয়াই পথছোৱা নিঃচিহ্ন কৰিব বুলিও স্থানীয় ৰাইজে আশঙ্কা প্ৰকাশ কৰিছে।

তদানীন্তন বিটিচিৰ কাৰ্যবাহী সদস্য তথা খৈৰাবাৰী পৰিষদৰ পাৰিষদ লৌমশ্ৰাউ দৈমাৰীক বহুবাৰ আবেদন নিবেদন কৰা স্বত্বেও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে বুলি জানিব দিয়ে। কলাইগাঁও সমষ্টিৰ বিধায়ক দূর্গাদাস বড়ো আৰু পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, খৈৰাবাৰীৰ পাৰিষদ ভবেন বড়ো,অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,বিটিআৰৰ  মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু লোকনিৰ্মাণ বিভাগে উক্ত পথছোৱা নিৰ্মাণ কি ভূমিকা লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিছে।

গ্ৰাম্য অঞ্চলৰ জীৱন জীৱিকাৰ সৈতে জড়িত অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণ কৰিবলৈ হ’লে পথ দলং উন্নত হ’বই লাগিব। এইটো অনস্বীকাৰ্য। ইয়াক কোনেও নুই কৰিব নোৱাৰে। বিকশিত অসমৰ শ্লোগান আও ৰালেই নহব ইয়াক কামে কাজে কৰি দেখুৱাই বাস্তৱত ৰূপায়ণ কৰিব লাগিব বুলি ৰাইজে মন্তব্য কৰিছে নহ’লে যে বৃহত্তৰ অঞ্চলটোৰ যাতায়াতৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি হ’ব। অতি শীঘ্ৰে  গৰাখহনীয়া ৰোধ কৰাৰ লগতে উক্ত পথছোৱা নিৰ্মাণ কৰিবলৈ কি ভূমিকা গ্ৰহণ কৰে  নতুন চৰকাৰে তালৈ গভীৰভাৱে  অপেক্ষা কৰিছে স্থানীয় ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: