অসম

গছপুলি ৰোপণ আৰু চাফাই কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন

সংবাদদাতা, বাহনা: – উত্তৰ যোৰহাটৰ ডাঁহীখোৰ আঞ্চলিক জম্মোৎ উদযাপন সমিতিৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস ব্যতিক্ৰমী কায্যসুচীয়ে উদযাপন কৰে। পুৱাবেলা জাতীয় পতাকা উত্তোলনে স্বাধীনতা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে ঐতিহাসিক ৰংদৈ ডাঁহীখোৰ মাঠাউৰীৰ কাষত গছ পুলি ৰোপণৰ

কাৰ্যসূচী আৰম্ভ কৰে অৱসৰপ্ৰাপ্ত বয়সীয়ান শিক্ষক মোহন চন্দ্ৰ বৰাই। কাৰ্যসূচীত মথাউৰিৰ কাষে কাষে যথেষ্ট সংখ্যক গছপুলি ৰোপণত অংশগ্ৰহণ কৰে, স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ সভাপতি জগন্নাথ অগ্নি বৰা, সম্পাদক ৰাজীৱ কুমাৰ নাজীৰ, স্থানীয় ব্যক্তি নিত্যানন্দ বৰা, আৰু গাঁৱৰ যুৱক-যুৱতী সকলে। ডাঁহীখোৰ অঞ্চলৰ

উদীয়মান যুৱ ভাওনা শিল্পী বিতুল বৰা, দেৱজিৎ বৰা, পুলক বৰা (জিন) আদি স্থানীয় যুৱক-যুৱতী, মহিলা সকলো একত্ৰিত হৈ মাঠাউৰীৰ কাষত থকা অলাগতিয়াল হাবি -জংঘল চাফাই কৰে। প্ৰায় পঞ্চাশৰো অধিক বিভিন্ন ফল মুলৰ গছপুলি ৰোপণ কৰা কাৰ্যসূচীত গছপুলি যোগান ধৰে যোৰহাট বনাঞ্চলিক কাৰ্যালয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: