অসম

গন্ধকৰৈ বিলনী গাঁও নামঘৰত শতবৰ্ষপূৰ্তি মহোৎসৱ

সংবাদদাতা, ধনশিৰি:- অসমৰ গ্ৰাম্য জীৱনৰ লগত অতিকে সম্পৰ্ক থকা কলা-কৃষ্টি আৰ ধৰ্মীয়, আধ্যাত্মিক চিন্তা চৰ্চাৰ কৰ্ষণথলী “নামঘৰ” গুৰুজনাৰ এক অনুপম অৱদান। একোটা নামঘৰক কেন্দ্ৰ কৰিয়েই একো একোখন গাঁও আৰু সমাজ পৰিচালিত হৈ থাকে। গুৰুজনাৰ ধৰ্মীয় নীতি আদৰ্শৰ ওপৰত আস্থাভাজন গন্ধকৰৈ বিলনী গাঁৱৰ কেইজনমান ধৰ্মীয়প্ৰাণ পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিস্থা হোৱা সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ “শ্ৰীশ্ৰী বিলনী নামঘৰে” গৌৰৱ উজ্বল এশ বছৰ সম্পূৰ্ণ কৰিলে। সেয়েহে গন্ধকৰৈ গাঁৱবাসী ৰাইজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচিৰে আজিৰে পৰা ২২, ২৩ আৰু ২৪ আঘোণ তাৰিখে নামঘৰটোৰ শতবৰ্ষপূৰ্তি মহোৎসৱ আয়োজন কৰিলে। কাৰ্যসূচীৰ প্ৰথম দিনটোত ধৰ্মধ্বজ্জা উত্তোলন, স্মৃতিসৌধ উন্মোচন, জয়-বিজয় প্ৰতিমূৰ্তি উন্মোচন, গৰুড় পক্ষী উন্মোচন আৰু নাম-প্ৰসঙ্গ অনুষ্ঠানেৰে শুভাৰম্ভণি হয়। ইয়াৰ উপৰিও সমূহীয়া নাম-প্ৰসঙ্গ, নামঘৰ চৌহদত ১০০ গচি বন্তি প্ৰজ্বলন আৰু বিলনী গাঁৱৰ ৰাইজ মিলি সমজোৱাকৈ ন-খোৱাৰো আয়োজন কৰিছে। ২৩ আঘোণ তাৰিখে পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা, কণকণ মইনাহঁতৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, দিহানাম, বৰগীত, কৃষ্ণ নৃত্য আৰু দশৱতাৰ নৃত্য প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে কীৰ্তন পাঠ অনুষ্ঠান অনুষ্ঠিত হ’ব। ২৪ আঘোণ তাৰিখ পৰহিলৈ মুকলি সভা, গায়ন-বায়ন, নাম-প্ৰসঙ্গ আৰু “বিপ্ৰ দামোদৰ আখ্যান” ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি মাৰিব বুলি নামঘৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: