গভৰ্নছ গাৰ্লচ ভলিবল মিছনৰ অংশগ্রহণৰ বাবে দল গঠনৰ আহ্বান

সংবাদদাতা, পশ্চিম যোৰহাট: – গভৰ্নছ গাৰ্লচ ভলিবল মিছনৰ অধীনত ৰাজ্যৰ জিলাসমূহৰ বিদ্যালয়ত ভলিবল দল গঠন কৰি থকা হৈছে। এই মিছনৰ অধীনত তিনিমহীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ দিয়া হ’ব। জিলা ক্ৰীড়া বিষয়াৰ সৈতে যোগাযোগ কৰিলে এই সম্পৰ্কত অধিক তথ্য লাভ কৰিব। জিলাভিত্তিত মিছনত অংশগ্ৰহণৰ বাবে ১৪ জনীয়াকৈ একোটা দল গঠন কৰিব। এই দলত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈয়ে অগ্ৰাধিকাৰ পাব। খেলুৱৈসকলে বাস কৰি থকা উন্নয়ন খণ্ডৰ লগতে সমীপৰ এটা উন্নয়ন খণ্ডৰ নাম উল্লেখ কৰি জিলা ক্ৰীড়া বিষয়াক জনোৱাৰ লগতে অৰ্হতাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব। যোৰহাট জিলাৰ লগতে মাজুলী জিলাটো বিদ্যালয় ভিত্তিত ভলিবল দল গঠন কৰিবলৈ জিলা ক্ৰীড়া বিষয়াই অনুৰোধ জনাইছে। মাজুলী জিলাৰ খেলুৱৈসকলে দূৰভাষ ৮৮২২৪-৭২৫৯২ ৰ সৈতে যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব।