অসম

গাঁৱে-গাঁৱে ছাত্র-ছাত্ৰী সকলৰ মাজত পৰীক্ষা অনুষ্ঠিত ডিমাকুচি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ

সংবাদদাতা, টংলা:- অতিমাৰী ক’ভিডৰ মহামাৰীৰ সময়চোৱাত কেউফালে লকডাউন, বৰ্তমান পর্যন্ত কোনো ধৰণৰ শিথিলতা নোহোৱাত বিদ্যালয়, মহাবিদ্যালয় সমূহ বৰ্তমান পর্যন্ত খোলা নাই। যাৰ ফলত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱাৰ ফলত পঢ়া-শুনা ক্ষতি হোৱাৰ লগতে পৰীক্ষাও অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই শিক্ষা বিভাগে। এনেহেন সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ যাতে আগৰদৰে থাকে তাৰে প্ৰতি লক্ষ্য ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ গাঁৱে-গাঁৱে পৰীক্ষা অনুষ্ঠিত কৰে। ওদালগুৰি জিলাৰ ডিমাকুচি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰে পৰা গাঁৱে-গাঁৱে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰি প্ৰশংসণীয় পদক্ষেপ হাতত লৈছে। ডিমাকুচি আঞ্চলিকৰ অন্তৰ্গত নাগাচুবা প্ৰাথমিক বিদ্যালয় আৰু থাইগিৰবাৰী প্ৰাথমিক বিদ্যালয়ত ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰা উক্ত পৰীক্ষা কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা এবছুৰ সভাপতি লোহিত চন্দ্ৰ বড়ো , ডিমাকুচি আঞ্চলিক এবছুৰ সভাপতি মনুজ বসুমতাৰী , উপ সভাপতি লৱৰাম বড়ো আৰু সন্থাৰ বিষয় ববীয়াসকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: