অসম

নগাবাট উত্তৰণ মঞ্চৰ উদ্যোগত বৰহোলা ভিত্তিত শ্ৰেষ্ঠ কণ্ঠশিল্পী প্ৰতিযোগিতা

সংবাদদাতা, বৰহোলা:- তিতাবৰ মহকুমাৰ বৰহোলা মৌজাৰ সম্ভাৱনাময় কণ্ঠশিল্পীসকলক এখন প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদানৰ উদ্দেশ্য নগাবাট উত্তৰণ মঞ্চৰ বিষয়ববীয়াসকলে অনলাইনযোগে মৌজাভিত্তিত আয়োজন কৰিবলৈ লৈছে শ্ৰেষ্ঠ কণ্ঠশিল্পী প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী প্ৰতিযোগীসকলে একক কণ্ঠত তিনি মিনিটৰ যিকোনো অসমীয়া গীতৰ ভিডিঅ’ সম্পূৰ্ণ নাম, ঠিকনা, বয়সৰ সৈতে 6901154583 WhatsApp নম্বৰত অহা ২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগিতাৰ দুটা ৰাউণ্ড হ’ব। প্ৰথম ৰাউণ্ডত সম্ভাৱনাপূৰ্ণ দহজন কণ্ঠশিল্পীক বাচনি কৰা হ’ব। ফাইনেল ৰাউণ্ডত পুনৰ পূৰ্বে নিৰ্বাচিত দহজনৰ একক কণ্ঠৰ গীত শুনি তাৰে শ্ৰেষ্ঠ তিনিগৰাকীক পুৰষ্কৃত কৰা হ’ব। কেৱল বৰহোলা মৌজাৰ অন্তৰ্গত প্ৰতিযোগীহে প্ৰতিযোগিতাৰ বাবে যোগ্য বিবেচিত হ’ব। যোগদান বিনামূলীয়া। প্ৰতিযোগী কণ্ঠশিল্পীৰ বয়সৰ ঊৰ্ধসীমা ১৫ বছৰ ধাৰ্য কৰা হৈছে। গীতৰ লগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ বাধ্যতামূলক নহয়। ফলাফল বাতৰিকাকত আৰু সামাজিক মাধ্যমত উপলব্ধ হ’ব। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্তক পুৰস্কাৰ ক্ৰমে ২০০০ টকা, ১৫০০ টকা, ১০০০ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব। অধিক তথ্যৰ বাবে 6901154583 WhatsApp নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button