অসম

গাহৰি পোহাৰ বাবে শংকৰ সংঘই এঘৰীয়া কৰিলে এটা পৰিয়াল

গোলাঘাটত গাহৰি পোহাৰ বাবে এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক। গাহৰি পোহাৰ বাবে গোলাঘাট ঢেকিয়াল নাথ গাঁৱৰ বিশ্বেশ্বৰ নাথৰ পৰিয়ালটোক শংকৰ সংঘই এঘৰীয়া কৰাৰ অভিযোগ উঠিছে।

ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত এটা বছৰে মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ। বিশ্বেশ্বৰ নাথৰ ডাঙৰ পুত্ৰ আৰু বোৱাৰীয়েকে গাহৰি ফাৰ্ম খোলাৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে।

শংকৰ সংঘৰ ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ অনাৰ লগতে পৰিয়ালটোৱে এই কাৰ্য সহজভাৱে ল’ব পৰা নাই বুলি সদৰী কৰিছে। শংকৰ সংঘৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ইয়াৰ এটা সুবিচাৰ কৰিব বুলি আশাবাদী ভুক্তভোগী পৰিয়ালটো।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: