অসম

গুৱাহাটী গ্ৰন্থমেলাত নগাঁৱৰ হেমন্ত কুমাৰ বৰাৰ “অসমীয়া গালি শপনি”

সংবাদদাতা, পুৰণিগুদাম:- গুৱাহাটীত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাত আজি প্ৰকাশ পালে গালি। নগাঁৱৰ বিৰিখ প্ৰকাশনে প্ৰকাশ কৰিছে অসমীয়া গালি শপনি নামৰ গ্ৰন্থখন। হেমন্ত কুমাৰ বৰাৰ সংকলন- সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা অসমীয়া গালি শপনিৰ নতুন সংস্কৰণে পাঠকক আমোদ দিব। গালি বুলিলে সমাজত নেতিবাচক দিশটো উন্মোচিত হয়। অমাৰ্জিত, অশ্লীল শব্দ বা বাক্য আদিক অসমীয়া সমাজে গালি আখ্যা দি আহিছে। প্ৰচলিত সমাজ ব্যৱস্থাত কোৱা গালিৰ ছপা ৰূপত কিতাপ নাই বুলিব‌ই পাৰি। দুই এক সাহিত্যত দুই এক গালিৰ আভাস পোৱা যায় যদিও সংঘবদ্ধ ৰূপত গালিৰ ছপা ৰূপ পাবলৈ নাই। গালিৰ ছপা ৰূপ নথকাৰ মূলতে হৈছে নেতিবাচক সমাজ ব্যৱস্থা। গালিৰ ছপা ৰূপ দি গালি খোৱাৰ ভয়। ইয়াৰ বিপৰীতে নগাঁৱৰ হেমন্ত কুমাৰ বৰাই ২০০৫ চনত অসমীয়া গালি সংগ্ৰহ নামেৰে ১৬ পৃষ্ঠাৰ এখন ক্ষুদ্ৰ কিতাপ দুলাল বৰাৰ সৈতে যুটীয়া ভাৱে প্ৰকাশ কৰিছিল যদিও বৰ্তমান নিজাকৈ পৰিবৰ্ধিত ৰূপত পাঠকৰ মাজলৈ উলিয়াই দিছে অসমীয়া গালি শপনি। চৈধ্য বছৰৰ মূৰত হেমন্ত কুমাৰ বৰাই ক্ষুদ্ৰ কিতাপখনক নতুন চিন্তাৰে নতুন ৰূপত সমাজত প্ৰচলিত গালি শপনি সংগ্ৰহ কৰি ১২২ পৃষ্ঠাৰে সজাই পৰাই মুকলাই দিছে ‘অসমীয়া গালি শপনি’।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: