অসম

গুৱাহাটী প্ৰেছ ক্লাবত “সাহিত্য সমাহাৰ” আলোচনী উন্মোচন

সংবাদদাতা, বিহালী:- আজি গুৱাহাটী প্ৰেছ ক্লাবত কবি ৰূপা বৰপূজাৰীৰ সভাপতিত্বত, সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ মজিয়াৰ পৰা প্ৰকাশ কৰা “সাহিত্য সমাহাৰ” ছপা আলোচনীখনৰ আনুষ্ঠানিক উন্মোচনী সভা অনুষ্ঠিত হয়। আলোচনী সম্পাদনা সমিতিৰ সম্পাদক বিশ্বনাথৰ জনপ্ৰিয় কবি প্ৰেম বৈষ্ণৱ যোৱা কিছুদিন ধৰি কোভিডত আক্ৰান্ত হৈ থকাৰ বাবে, উন্মোচনী সভাৰ আঁত ধৰে সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ মুখ্য প্ৰশাসক ৰামেশ্বৰ নাথ আৰু সুকণ্ঠী আবৃত্তিকাৰ তথা কবি মামাণি কলিতাই। অসম চৰকাৰৰ শেহতীয়াকৈ দিয়া নিৰ্দেশনা তথা এছ.অ’.পি.ৰ নিয়মাৱলীসমূহ পালন কৰি অসম বিভিন্ন জিলাৰ পৰা অহা লেখক/লেখিকা, কবি/সাহিত্যিকৰ উপস্থিতিতি গুৱাহাটী প্ৰেছ ক্লাবত বৰ্ণাঢ্য কাৰ্যসূচীৰে সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে, মামণি কলিতাই ৰচনা ও সুৰ কৰা “সাহিত্য সমাহাৰ” শীৰ্ষক সমবেত সংগীতটি পৰিৱেশন কৰা হয়। সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটটি আৰম্ভণিতে গোটৰ নিয়মীয়াকৈ “সুপ্ৰভাত’” শিতানটি সুন্দৰ সুন্দৰ নাম ঘোষাৰ শ্লোক আৰু স্বৰচিত কবিতাৰে পৰিচালিত কৰি অহাৰ বাবে শিতান পৰিচালিকা ৰূপা বৰপূজাৰীক সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ তৰফৰপৰা আনুষ্ঠানিকভাবে ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়। সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ তৰফৰপৰা পৰা বিশিষ্ট অথিতি হিচাপে আমন্ত্ৰণ কৰা, গুৱাহাটী কমাৰ্চ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰূপা ডেকা পাতৰ ডাঙৰীয়ানীক সাহিত্যি সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ তৰফৰপৰা ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়, আৰু কবি সাহিত্যিক সকলৰ উপস্থিতিত ড০ ৰূপা ডেকা পাতৰে “সাহিত্য সমাহাৰ” ছপা আলোচনীখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি অসমীয়া ভাষা সাহিত্যৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। উন্মোচনী সভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কবি সকলে স্বৰচিত কবিতা পাঠ কৰি কাব্যৰসেৰে গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰি জীপাল কৰি তোলে। এই অনুষ্ঠানটিতে, সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ তৰফৰপৰা ইংৰাজী নৱবৰ্ষৰ উপলক্ষে “নতুন দিগন্ত” শিৰোনামেৰে অনুষ্ঠিত কৰা স্বৰচিত কবিতা প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক একোখন কৈ ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়। লাকি ৰাণী পাঠক, ৰাতুল দাস, ভাস্কৰ জ্যোতি দাস মণি গোস্বামী, অংকুৰ জ্যোতি নাথক সাহিত্য সমাহাৰ প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ বিশেষ গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানটিত ড° ৰূপা ডেকা পাতৰ ডাঙৰীয়ানীয়ে ইমান ব্যস্ততাৰ মাজতো সাহিত্য সমাহাৰ, প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ আমন্ত্ৰণ ৰক্ষা কৰি আজিৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি “সাহিত্য সমাহাৰ” আলোচনীখন উন্মোচন কৰাৰ বাবে সম্পাদনা সমিতিৰ সম্পাদক প্ৰেম বৈষ্ণৱ আৰু মুখ্য প্ৰশাসক ৰামেশ্বৰ নাথে কৃতজ্ঞতা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button