অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদত বিজয়ী হৈ টংলালৈ গৌৰৱ কঢ়িয়ালে বিকি শৰ্মাই

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা ৰতনপুৰ অঞ্চলৰ প্ৰয়াত শৰৎ শৰ্মা আৰু মিনাক্ষী বৰুৱাৰ সুযোগ্য সুসন্তান গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত অধ্যয়নৰত কৃতী ছাত্ৰ বিকি শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২১-২০২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত সাধাৰণ সম্পাদক পদত বিজয়ীৰ হাঁহি মাৰিবলৈ সক্ষম হোৱাত ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই অনা বাবে বিভিন্ন দল-সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ তৃতীয় সন্মাষিকৰ মেধাৱী ছাত্ৰ সৰ্ব ভাৰতীয় ছাত্ৰ সংগঠন এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী বিকি শৰ্মাই বিপুল ভোটত বিজয়ী হোৱাত টংলা প্ৰেছ ক্লাব, টংলা শতদল সাহিত্য সভা, ওদালগুৰি জিলা সাহিত্য সভা, পানেৰী সাহিত্য সভা, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা(পশ্চিম), অৰুণোদই জুনিয়ৰ কলেজ আদি অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে।

নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক বিকি শৰ্মাই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাবাস পৰিয়ালৰ ভাতৃবৃন্দৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিম বুলি কোৱাৰ লগতে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সমূহ সতীৰ্থ, আশিস, শুভ কামনা তথা সহযোগিতাৰে ধন্য কৰা বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ- ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰে। নৰেশ্বৰ নাথ বিদ্যাভবন, পানেৰীৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ টংলাস্থিত অৰুনোদয় জুনিয়ৰ কলেজৰ পৰাও কৃতিত্বৰে বিজ্ঞান শাখাত উত্তীৰ্ণ হয়। মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰাও জনসংযোগ বিভাগত সুখ্যাতিৰে স্নাতক ডিগ্ৰী অৰ্জন কৰা মেধাৱী ছাত্ৰ বিকিয়ে ২০১৭-১৮ বৰ্ষৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰো প্ৰাক্তন সভাপতি। ছাত্ৰ নেতা গৰাকীয়ে অনুভৱ ব্যক্ত কৰি কয় বিশ্ববিদ্যালয়ক লৈ দেখা সপোনবোৰ পূৰণৰ বাবে মই সদ্য সংকল্পবদ্ধ। আশাকৰো, বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ আমি সকলোৱে মিলি সমাধান কৰিম আৰু বিশ্ববিদ্যালয়খনক এক নতুন দিশেৰে আগুৱাই লৈ যাম।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: