অসম

গৃহ সমষ্টিৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

সৰ্বাধিক ৰাজহ প্ৰদান কৰাৰ বাবে সমষ্টিবাসীক ধন্যবাদ মন্ত্ৰী বৰাৰ

সংবাদদাতা, টিংখাং: শনিবাৰে হঠাৎ নিজ গৃহ সমষ্টি টিংখাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে পৰিদৰ্শন কৰি সমস্যাৰ বুজ ল’লে শক্তি মন্ত্ৰী বিমল বৰাই। ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ লগতে নিজৰ গৃহ সমষ্টিৰ টিংখাং, ৰাজগড় আদিত থকা বিদ্যুৎ বিভাগৰ কাৰ্যালয় সমূহ পৰিদৰ্শন কৰি নিয়মীয়া বিদ্যুৎ যোগানৰ ক্ষেত্ৰত

সৃষ্টি হোৱা সমস্যা সমূহৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে এই সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰতো বিভাগীয় উচ্চ পৰ্যায়ৰ বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ সৈতে আলোচনাত মিলিত হয়। আনহাতে বিদ্যুতৰ মাচুল পৰিশোধৰ বাবে মন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজৰ প্ৰতি জনোৱা আহ্বানক টিংখাঙৰ জনসাধাৰণে বিপুল সঁহাৰি জনাই যোৱা জুলাই মাহত

টিংখাং বিদ্যুৎ উপ সংমণ্ডলৰ তৰফৰ পৰা সৰ্বাধিক ২০২ শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত সমষ্টি বাসীক আন্তৰিকতাৰে কৃতজ্ঞতা জনোৱাৰ লগতে উপভোক্তা সকলকো কেনেদৰে নিয়মীয়া বিদ্যুৎ যোগান ধৰি উপকৃত কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া কৰ্মচাৰী সকলক আহ্বান জনাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: