অসম

গেলাবিল নদীৰ গড়াখহনীয়াই বিধ্বস্ত কৰিছে কৃষিজীৱী ৰাইজৰ সপোন

সংবাদদাত, গোলাঘাট: গোলাঘাট জিলাৰ অন্তৰ্গত গেলাবিল নদীৰ খহনীয়াত নষ্ট হৈছে বিঘাই বিঘাই ৰাইজৰ কৃষিভূমি। ফলস্বৰূপে ৰাইজ হতাশাত ভুগিব লগা হৈছে তথা নিৰাপট্টাৰ প্ৰশ্নত জৰ্জড়িত দৃষ্টিগোচৰ হৈছে। বাৰিষা আৰম্ভ নৌহওঁতেই খহনীয়াত জাহ গৈছে বৃহৎ সংখ্যক কৃষি ভূমি। গতিকে বাৰিষাৰ নদীৰ পানী বাঢ়িলে কি অৱস্থা হ’ব চিন্তামূৰত পানী ল’ব লগা অৱস্থা স্থানীয়

ৰাইজৰ। সেয়ে উক্ত সমস্যাটিৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক এবাৰ হ’লেও উক্ত স্থান পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সমস্যাৰাজীৰ সমাধানৰ দিশত পদক্ষেপ লোৱাৰ বাবে আহ্বান ভুক্তভুগী জনতাৰ। স্থানীয় ৰাইজৰ অভিজোগ যে বহুবাৰ স্থানীয় বিধায়ক তথা চৰকাৰী পক্ষলৈ বহুবাৰ ৰাইজৰ অনুৰোধৰ পিছতো খহনীয়া ৰোধৰ বাবে এতিয়ালৈকে লোৱা নহ’ল

কোনোধৰণৰ খহনীয়া ৰোধৰ নিমিত্তে উদ্যোগ। এই দৃশ্যৰাজী গোলাঘাটৰ দাধৰা, ৰঙামাটি, শেনচোঁৱা আদি গ্ৰাম্যাঞ্চলৰ। স্থানীয় ৰাইজ দল সংগঠনৰ ক্ষোভ খুমটাই বিধায়ক মৃণাল শইকীয়া আৰু বোকাখাতৰ বিধায়ক অতুল বৰাৰ মৌনতাক লৈ। নিৰ্বাচনৰ আগতে জনপ্ৰতিনিধি আহি বিভিন্ন উন্নয়ন তথা সমস্যাৰাজী ৰোধৰ নিমিত্তে তথা বিভিন্ন সমস্যাৰাজীৰ সমাধান কৰাক লৈ

আশ্বাসৰ ফুলঝাৰী চটিয়াই ভোট ভিক্ষা কৰে। পিচে আজি পৰ্য্যন্ত সমাধান কৰা দেখা ন’গল ৰাইজৰ এই জ্বলন্ত সমস্যা। সেয়ে স্থানীয় ৰাইজে পুনৰ আহ্বান জনাই জলসম্পদ মন্ত্ৰীগৰাকীক যে, এবাৰ আহি সমস্যাটিৰ বোজ লৈ এটা স্থায়ী সমাধান কৰি দিয়ে যেন। গতিকে পৰৱৰ্তী ক্ষেত্ৰত উন্নয়নৰ ধোল বজোৱা চৰকাৰখনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে দৰ্শনীয় হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: