গেৰুৱাত বিশেষ সজাগতামূলক সভা

সংবাদদাতা, লাহৰীঘাট:- DNA Eco Club আৰু অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি আয়োজিত এই সভাত বায়ু আৰু পানী প্ৰদূষণ সন্দৰ্ভত সজাগতা সৃষ্টিত গুৰুত্ব দিয়া হয়। বিজ্ঞান সমিতিৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াইছে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু সলনি মন্ত্ৰালয়ৰ। গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বায়ু আৰু পানী প্ৰদূষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰে আয়োজন কৰা হয়। এই সভাৰ লগত সংগতি ৰাখি চাফাই অভিযান, বৃক্ষ ৰোপণ, বাটৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুগৰাকী কৰ্মচাৰীৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰীক্ষামূলক ভাবে পানীৰ গুণাগুণ নিৰ্ধাৰণ, মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী প্ৰবক্তা ড° কমল চন্দ্ৰ ভূঞা দেৱৰ দ্বাৰা বায়ু আৰু পানী প্ৰদূষণ সজাগতাৰ ওপৰত বক্তব্য প্ৰদানকে ধৰি কেতবোৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মান পত্ৰ প্ৰদানৰ জৰিয়তে আগন্তুক দিনত এনে কৰ্মৰ সৈতে জড়িত হোৱাৰ বাবে উৎসাহ প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত আছিল ডি এন এ ইকʼ ক্লাবৰ জিলা সমন্বয়ক ইমদাদ আলী, অসম বিজ্ঞান সমিতিৰ সাধাৰণ সম্পাদক নিৰুদ কুমাৰ বৰাৰ লগতে অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য আকাশজ্যোতি ডেকা, জ্ঞান মোহন বেকাৰ আৰু জিতু বৰা।