অসম

গেৰুৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাব তিথি পালন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ দ্য আৰ্মি ভিলেজ খ্যাত গেৰুৱাগাঁও উন্নয়ন সমিতিৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।ৰাতিপুৱা ৭বজাত বন্তি প্ৰজ্বলন, শৰাই অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে গেৰুৱা নামঘৰৰ নামঘৰীয়া মহিৰাম ৰাভা, মিছন বড়ো আৰু নং ৰাভাই। অসম সাহিত্য সভাৰ আজীৱন সভ্য, গেৰুৱা ৰত্ন গোপাল চন্দ্ৰ ৰাভাই ধৰ্ম ধ্বজা উত্তোলন কৰে। ভাগৱত শোভাযাত্ৰা উদ্ধোধন কৰে গেৰুৱাগাঁও উন্নয়ন সমিতিৰ সভাপতি কালিন্দ্ৰ ৰাভা আৰু নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰে নামাচাৰ্য বলেন ৰাভাই।মহাভাগৱত পাঠ আৰু ব্যাখ্যা কৰে ওদালগুৰি জিলা মহাপুৰুষীয়া সমাজৰ আইমাতৃ মঞ্চৰ সভানেত্ৰী নীলিমা ৰাভাই। আবেলি ২বজাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত গেৰুৱা ফুটুকিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ ৰাভাসহ শিক্ষক ইক্ৰামুল মজিদ, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী দুলিমা ৰাভা, জুৰিমনি ৰাভা, নন্দিতা ৰাভা, দিগেন ৰাভা আৰু জান ৰাভাক সম্বৰ্ধনা জনোৱা হয়। গেৰুৱাগাঁও উন্নয়ন সমিতিৰ সভাপতি কালিন্দ্ৰ ৰাভাই সঞ্চালনা কৰা সভাত টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীৱন ৰাভাই নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰখা সভাত আৰছু’ৰ উপ-সভাপতি লোকেশ ৰাভা ,ক্ৰীড়া সম্পাদক প্ৰমোদ ৰাভা, সদস্য বিশ্বজিৎ ৰাভা উপস্থিত থাকে। গ্ৰন্থকাৰ, শিক্ষক জিতেন্দ্ৰ ৰাভা, শিক্ষক ইক্ৰামূল মজিদ , সমাজসেৱক গোপাল চন্দ্ৰ ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি ভক্তপ্ৰাণ বাপ -বান্ধৱ, আই মাতৃ, যুৱক- যুৱতী আৰু শিশু সকলে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: