অসম

গোলাঘাটৰ ঊষা গৰঙা চাহ বাগিচাত ভূমিকেন্দ্ৰিক বিবাদত উত্তাল প্ৰতিবাদ

কেইবা শতাধিক ৰাইজে অৱৰোধ কৰিলে গোলাঘাট-মেৰাপানী সংযোগী পথ

সংবাদদাতা, মেৰাপানী: গোলাঘাটৰ ঊষা গৰঙা চাহ বাগিছাৰ কৰ্তৃপক্ষই ৰাইজৰ মাটি অধিগ্ৰহণৰ অভিযোগত উত্তাল প্ৰতিবাদ কৰি আজি গোলাঘাট-মেৰাপানী সংযোগী পথ অৱৰোধৰে উষা গৰঙ্গা তিনি আলিত স্থানীয় ৰাইজে এক প্ৰতিবাদী কায‍্যসূচী ৰূপায়ণ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ বাগিছাৰ মালিক ৰাজেশ বাজাজে স্থানীয় বাসিন্দাক উচ্ছেদৰ ভাবুকি প্ৰধান কৰাৰ লগতে বছৰ বছৰ ধৰি বসতি কৰা ভূমিত চাহ বাগিচাৰ কৰ্তৃপক্ষৰ নামত গোপনে নামজাৰী কৰাৰ তথ্য ফাদিল হোৱাৰ পাছতেই উত্তাল হৈ পৰে স্থানীয় ৰাইজ৷ সম্প্ৰতি ঊষা গৰঙা চাহ বাগিছাৰ মালিক ৰাজেশ বাজাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাহ বাগিচা বুলি কৈ ৰাইজক উচ্ছেদৰ ভাবুকি প্ৰদান কৰাত এই প্ৰতিবাদ সাৱ্যস্ত কৰে৷ স্থানীয় ৰাইজে হিমন্ত বিশ্ব শৰ্মা গ’ বেক, অজন্তা নেওগ গ’ বেক, মাটিৰ দালালী নচলিব আদি ধ্বনিৰে প্ৰতিবাদস্থলীত উত্তাল কৰি তোলে৷ ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়৷ উল্লেখ্য যে, ঊষা গৰঙ্গা চাহ বাগানখন কিছুদিনৰ আগতে পূৰ্ববৰ আচাম ট্ৰি এমপ্লইজ ইণ্ডাষ্টিয়েল ক: অপাৰেটিভ অৰ্গেনাইজেচন লিমিটেডে উৎপল আকাশী এগ্ৰো প্ৰডাক্ট প্ৰা লিমিটেডৰ সঞ্চালক ৰাজেশ বাজাজ নামৰ এজন ব‍্যক্তিয়ে কিনি লোৱাৰ পাছত বাগানৰ ফেক্টৰীৰ চৌহদৰ কাষৰ আৰু গৰঙ্গা তিনিআলিলৈকে সকলো মাটি বাগানৰ মাটি বুলি দাবী কৰি যুগ যুগ ধৰি বহি থকা ব‍্যৱসায়ী, বাসিন্দাক সকলক উঠি যাৱলৈ কোৱাৰ লগতে মাটিখিনি বাগানৰ নামত নামজাৰী কৰে৷ কিন্তু যুগ-যুগ ধৰি নিজৰ ভোগ-দখলত থকা এই ব‍্যক্তিসকলে নিজৰ পৈত্তিক সম্প্ৰতিৰ মাটিবোৰ আনে দখল কৰাৰ অভিসন্ধিৰ ক্ষেত্ৰত জিলা প্ৰশাসনে ব‍্যৱস্থা গ্ৰহণ বাবে বিগতদিনত গোলাঘাট জিলাৰ ৰাজহচক্ৰ আৰু জিলাৰ উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ লগতে তেওঁলোকৰ মাটি বেদখল কৰা বিষয়টো অবগত কৰি অসমৰ মুখ‍্যমন্ত্ৰী, বৃত্ত মন্ত্ৰী, কৃষি মন্ত্ৰী স্বাস্থ‍্যমন্ত্ৰী আদিলৈকেও প্ৰতিলিপি প্ৰদান কৰিছিল৷ কিন্তু ইমানৰ পাছতও জিলাপ্ৰশাসনে কোনো পদক্ষেপ নোলোৱাৰ বিপৰীতে বাগান কৰ্তৃপক্ষই বলপূৰ্বকভাৱে ৰাইজৰ ভূমি বেদখল কৰাত ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত‍ কৰে৷ চৰকাৰ ইয়াৰ উচিত ব‍্যৱস্থা গ্ৰহণ নকৰাৰ পৰ্যন্ত প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ দিয়ে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: