অসম

গোলাঘাটৰ ক’ভিড ৰোগীৰ বাবে টেলি মেডিচিন সেৱা, বিশেষ হেল্পলাইন নম্বৰ

সংবাদদাতা, গোলাঘাট : ক’ভিড-১৯ত আক্ৰান্ত লোকসকলৰ সহায় হোৱাকৈ গোলাঘাট জিলা প্ৰশাসনে কেতবোৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই নম্বৰসমূহত ফোন কৰি যিকোনো লোকেই ক’ভিড সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব। ক’ভিডৰ বিৰুদ্ধে যুঁজখনত ৰাইজৰ ওজৰ-আপত্তি সমূহ যাতে ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত ইতিমধ্যে জিলা পৰ্যায়ৰ এটা অভিযোগ নিষ্পত্তি কোষ গঠন কৰা হৈছে।

ইচ্ছুক ব্যক্তিয়ে ০৩৭৭৪-২৮৩০০১ নম্বৰত ফোন কৰি তেওঁলোকৰ অভিযোগ তথা ওজৰ-আপত্তিসমুহ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাব পাৰিব। আনহাতে ইচ্ছুক ব্যক্তিয়ে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭৪-২৮৩২৮২ অথবা ১০৭৭ নম্বৰতো ফোন কৰিব পাৰিব। ক’ভিড সম্পৰ্কীয় সহায়-সহযোগিতাৰ বাবে ১০৪ সাৰথি সেৱাৰ নম্বৰত ফোন কৰিব পাৰিব। ক’ভিড ৰোগীসকলে টেলি মেডিচিন সেৱাৰ দ্বাৰাও উপকৃত হ’ব পাৰিব। তাৰ বাবে নিৰ্দিষ্ট বাৰত নিৰ্ধাৰিত সময়ত ০৩৭৭৪-২৮১২৮১ নম্বৰত

ফোন কৰিলে পোনপটীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব । ইতিমধ্যে ইয়াৰ বাবে দুগৰাকী চিকিৎসকক নিয়োগ কৰা হৈছে । প্ৰতি সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে আৰু মাহৰ প্ৰথম আৰু দ্বিতীয় দেওবাৰে পুৱা চাৰে ৯ বজাৰ পৰা বিয়লি ২ বজালৈ ডাঃ শ্যামন্ত শ্যামৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰিব । আনহাতে প্ৰতি সপ্তাহৰ মঙল, বৃহস্পতি আৰু শনিবাৰৰ লগতে মাহৰ তৃতীয় আৰু চতুৰ্থ দেওবাৰে ডাঃ সুদেষ্ণা দত্তই টেলিমেডিচিন সেৱা আগবঢ়াব বুলি গোলাঘাটজিলা তথ্য আৰু জনসংযোগ বিষয়াই অৱগত কৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: