অসম

গোলাঘাট জিলাৰ সীমাঞ্চলৰ ৩৭৫ গৰাকী অবৈতনিক গাঁওবুঢ়াৰ ক্ষোভ

বছৰ-বছৰ ধৰি বঞ্চিত হৈ অহা চৰকাৰী সুবিধা, পাৰিতোষিকৰ প্ৰদানৰ দাবী

সংবাদদাতা, মেৰাপানী:- বছৰ বছৰ ধৰি গোলাঘাট জিলাৰ সীমান্তৱৰ্তী গাঁও সমূহত পাৰিশ্ৰমিক অবিহনেই নিস্বাৰ্থভাৱে কাম কৰি আহিছে গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ তিনি শতাধিক গাঁওবুঢ়াই। অসম-নগালেণ্ড সীমাৰ এ, বি, চি আৰু ডি চেক্টৰৰ লগতে টেঙানী অঞ্চলৰ ৩৭৫জন অবৈতনিক গাঁওবুঢ়াই আজি নিজৰ প্ৰাপ্যৰ দাবীত মেৰাপানীৰ জয়পুখুৰীত সমবেত হয়। সু-দীৰ্ঘ সময় ধৰি কেৱল মাত্ৰ নামতহে গাঁওবুঢ়াৰ পদবী গ্ৰহণ কৰা গাঁওবুঢ়া সকলে চৰকাৰী গাঁওবুঢ়াৰ দৰেই সকলো কাম কাজ কৰি আহিছে। কিন্তু বছৰ বছৰ ধৰিও চৰকাৰৰ পৰা কোনো ধৰণৰ পাৰিতোষিক অথবা সা-সুবিধা নাপায় ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে, গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ ধনশিৰি আৰু মেৰাপানী মহকুমাৰ চাৰিটা চেক্টৰৰ গাঁওবুঢ়া সকলে সততে সীমান্তত সংঘটিত যি কোনো সমস্যাৰ ক্ষেত্ৰত দিনে নিশাই জড়িত হৈ থকাৰ লগতে দীৰ্ঘদিন ধৰি চৰকাৰৰ বিভিন্ন কাম কাজ পালন কৰি আহিছে চৰম অনিশ্চয়তাৰ মাজত। এই সন্দৰ্ভত অবৈতনিক গাঁওবুঢ়া সকলে অসম চৰকাৰক দীৰ্ঘদিন ধৰি প্ৰাপ্য অধিকাৰ প্ৰদানৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চৰকাৰী পক্ষৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই। আজি জিলাখনৰ কেওটা প্ৰান্তৰ গাঁওবুঢ়াসকল মিলিত হৈ তেওঁলোকে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যা সমূহ পূৰণৰ দাবীত একত্ৰিত হোৱাৰ লগতে গাঁওবুঢ়া সকলে পূৰ্ণাঙ্গ ৰূপত গোলাঘাট জিলা অবৈতনিক গাঁও সন্থা সমিতিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে পৰৱৰ্তী কাৰ্যকালৰ বাবে গোলাঘাট জিলা অবৈতনিক গাঁওবুঢ়া সন্থাৰ সভাপতি হিচাপে উৰিয়ামঘাটৰ সহদেৱ খাখলালী আৰু মেৰাপানীৰ দীপেন বৰাক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। সভাত গাঁওবুঢ়া সকলে অংশগ্ৰহণ কৰি ৰাজ্যৰ অন্যান্য গাঁওবুঢ়া সকলৰ সমাহাৰত পাৰিতোষিক আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ দাবী তুলি চৰকাৰ আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: