অসম

গোলাঘাট জিলা নুমলীগড়ত বনৰীয়া হাতী পোৱালি উদ্ধাৰ

সংবাদাতা, গোলাঘাট:- গোলাঘাট জিলা নুমলীগড়ৰ মৰঙী মৌজাৰ অন্তৰ্গত মিৰিপথাৰত এটি কণমানি বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ হৈছে। বৃহম্পতিবাৰে পুৱাই এটা বন্যহস্তীৰ জাক মৰঙিৰ ধাননি পথাৰৰ পৰা উভতি যাঁওতেই এটা পোৱালি জাকটোৰ পৰা ফালৰি কাটি অন্যফালে গুচি যায়। যাৰ বাবে হাতী পোৱালিটো অকলশৰীয়া হৈ পৰে। যোৱা ২৪ অক্টোৱৰত মৰঙীৰ ধলাগাঁৱৰ পথাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাঁতীজনীৰ সন্তান বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে।

পুৱা ভাগত মিৰিপথাৰত কিছু স্থানীয় ৰাইজে হাঁতী পোৱালিটোক প্ৰত্যক্ষ কৰি স্থানীয় বন বিষয়াৰ কাৰ্যালয়ত খৱৰ দিয়ে। ততাতৈয়াকৈ বনবিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: