অসম

গোলাঘাট ২নং বৰজানৰ অ.এন.জি.চি চাৰ্ভেয় কেম্পত প্ৰতিবাদ

সংবাদদাতা, গোলাঘাট আৰু মেৰাপানী:- সোমবাৰে গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰজান গাঁৱত অৱস্থিত অ ‘এন জি চিৰ চাৰ্ভেয় কেম্পত অঞ্চলটোৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন স্বাৰাজ নিৰ্মাণ গোটৰ নেতৃত্বৰ শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আঁৰি দিলে জাননী। যি পৰ্যন্ত স্বাৰাজ নিৰ্মাণ গোটৰ লগত আলোচনত নবহিব সেই পয্যন্ত অ’ এন জি চি সকলো কাম কাজ বন্ধ ৰাখিব বুলি কঠোৰ সকীয়নি দি আজি এক ফলক আঁৰি দিয়ে। স্বাৰজ নিৰ্মাণ গোটৰ নেতৃত্বত আৰু স্থানীয় কেইবাখনো গাঁৱৰ পৰুষ-মহিলা ওলাই আহি অ’ এন জি চি মইমতালিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। উল্লেখ যে ২ নং বৰজানৰ চাৰ্ভেয় কামৰ সম্পূৰ্ণ

দায়িত্ব এইবাৰ স্বাৰাজ নিৰ্মাণ গোটক দিয়াৰ দাবী তুলি আহিছিল স্থানীয় বহু সংখ্যক ৰাইজে তাৰে পৰিণতিত আজি সমূহ ৰাইজ একত্ৰিত হৈ অ ‘এন জি চি বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে ২০২০ চনত গঠন কৰা মেনেজমেণ্ট কিমিতি ভংগ কৰি স্থানীয় লোকক লৈ পুনৰ নিৰ্মাণ সমিতি কৰা, প্ৰতিজন শ্ৰমিকৰ দৈনিক মজুৰি তিনিশ টকাৰ পৰিৰ্বতে আঠশ টকা কৰা, বিগত বৰ্ষৰ প্ৰাপ্য শ্ৰমিক শীঘ্ৰে প্ৰদান কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ কৰা ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আদি কৰি কেইবাটাও দাবীত স্থানীয় লোক সকল সৰৱ হৈ। আনহাতে বিগত বৰ্ষত অ ‘এন জি চি কৰ্তৃপক্ষই স্থানীয় তথা কৃষিমন্ত্ৰী অতুল বৰা ঘনিষ্ঠ কেইটামান দালালৰ সৈতে গোপন মিতিৰালি কৰাত স্থানীয় দহখনৰ গাঁৱৰ ৰাইজে সৰৱ হৈ পৰে।

ইফালে বিষয়টো সন্দৰ্ভত অ’ এন জি চি কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। যাৰ পৰিণতিত স্থানীয় যুৱক সকল উপযুক্ত মজুৰিৰ পৰা বঞ্চিত হৈ পৰে। ইফালে বিষয়টো সন্দৰ্ভত জামুগুৰি আৰক্ষী থানা, গোলাঘাট জিলা উপায়ুক্ত, গোলাঘাট জিলা আৰক্ষী অধীক্ষক অৱগত কৰিছে। অন্যহাতে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্বাৰজ নিৰ্মাণ গোটৰ উপদেষ্টা নিত্যা বৰাৰ সঞ্চালনাত ২ নং বৰজানৰ এক মুকলি পৰিৱেশত বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত। উক্ত ৰাজহুৱা সভাত স্থানীয় কেইবাটাও মহিলা সংগঠন বিষয়ববীয়া, স্থানীয় কেইবাটও দল সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে। আনহাতে সমগ্ৰ বিষয়টো সন্দৰ্ভত অ’ এন জি চি স্বাৰজ নিৰ্মাণ গোটক অৰ্পণ নকৰিলে ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গঢ়ি তোলাৰ বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: