অসম

গোলাপাৰাত বাঘৰ আতংক; বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ বন্যপ্ৰাণীৰ

সংবাদদাতা, কোকিলা:- সম্প্ৰতি বন্যপ্ৰাণীৰ সুৰক্ষা যেন নোহোৱা হৈছে বুলি একাংশ ব্যক্তিয়ে মতপোষণ কৰে। কাৰণ প্ৰায়ে সংবাদ মাধ্যমৰ জড়িয়তে শুনা যায় বা দেখা যায় যে কৰবাত বাঘৰ আতংক, কৰবাত হাতীৰ আতংক, ক’ৰবাত হৰিণাই মুকলি পথাৰত বিচৰণ কৰিছে। ইয়াৰ পৰা বুজা যায় যে নিশ্চয় বন্যপ্ৰাণীবোৰ বনত সুৰক্ষিত নহয়। তাৰ কাৰণ হিচাপে একাংশ সচেতন ব্যক্তিয়ে জানিব দিয়ে যে সময়ে সময়ে বনাঞ্চল যি অবাধ ধ্বংস জজ্ঞ চলি আছে তাৰ বাবেই আতংকিত হৈ বন্য প্ৰাণী বোৰ বনাঞ্চল এৰি জনাঞ্চল লৈ ঢাপলি মেলিছে। তাৰে এক বাস্তৱ ছবি প্ৰতিফলিত হ’ল বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত। প্ৰথমে অঞ্চলটোত বাঘ ওলোৱাৰ ওৰা বাতৰি বিয়পি পৰে. আৰু তৎক্ষণাত একাংশ সাহসী যুৱকৰ দলে অঞ্চলবাসীক আতংকৰ পৰা ৰক্ষা কৰিবলৈ নামি পৰে। কিছু সময় পাছত এটা দুষ্প্ৰাপ্য পাণী কৰায়ত্ব কৰিবলৈ সক্ষম হয় যুৱক সকলে। লগে লগে আতংকৰ কিছু পৰিমাণে ওৰ পৰে যদিও আন এটা প্ৰাণীৰ বিচৰণ প্ৰত্যক্ষ কৰে। এটা বন্য প্ৰাণী কৰায়ত্ব কৰে আন কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। লগে লগে শ শ লোকৰ সমাগম ঘটে গোলাপাৰাত। পিছত একাংশই প্ৰাণীটো জহামাল বুলি চিনাক্ত কৰে। স্থানীয় ৰাইজে কোকিলা আৰক্ষীক খবৰ দিয়াত কোকিলা আৰক্ষী উপস্থিত হৈ প্ৰাণীটো কোকিলা থানালৈ যায় আৰু পৰৱৰ্ত্তী সময়ত বনবিভাগক গতাই দিয়ে বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা এটা কথা উল্লেখ কৰিব পাৰি যে বন বিভাগৰ হেমাহিৰ বাবেই অৰ্থাৎ অবাধে বনাঞ্চল ধ্বংসৰ বাবে উপযুক্ত বাসস্থানৰ অভাৱ, খাদ্যৰ অভাৱ মানুহৰ অত্যাচাৰত সময়ে-সময়ে প্ৰাণীবোৰ জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে। বন্যপ্ৰাণী সুৰক্ষা কৰিবলৈ হ’লে সংশ্লিষ্ট বিভাগে গুৰুত্ব দিব লাগিব অন্যথা এটা সময়ত মানুহ সমাজত আৰু অধিক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব।

Show More

Leave a Reply

Your email address will not be published.

Back to top button