অসম

গোসাইগাঁও মহকুমাৰ সকলো বিভাগৰ বিষয়াৰ সৈতে বিটিচিৰ মুখ‍্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ মত বিনিময়

সংবাদদাতা, গোসাইগাঁও: – কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ বিষয়াৰ লগত মত বিনিময় কৰি বিভাগৰ অভাৱ অভিযোগ বিষয়ে অৱগত হৈ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাৰ পৰিচালনাত অনুষ্ঠিত মত বিনিময় সভাত বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে নিজৰ নিজৰ অভাৱ

অভিযোগ সমূহৰ বিষয়ে বিটিচি প্ৰধান গৰাকীক অৱগত কৰে। ইয়াৰে ৰেচম আৰু হস্ততাত, পশুপালন, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, আৰ এন বি চিকিৎসালয়, কৃষি গবেষনা কেন্দ্ৰ আদি সকলো বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়া সকলৰ পৰা সকলো বিষয়ে অৱগত হৈ সকলো সমস্যাৰ সমাধানৰ বাবে বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় ধনৰ যোগান ধৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে।

উক্ত কাৰ্যসুচীত বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, উইলছন হাছদা, মনোনীত পৰিষদীয় সদস্য মাধব ছেত্ৰী, পৌৰপতি প্ৰফুল্ল ইছলাৰীকে ধৰি ইউ পি পি এলৰ একাধিক নেতা-কৰ্মী উপস্থিত থাকে। মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বিশেষকৈ বিদ্যুৎ, জলসিঞ্চন, গড় কাপ্তানী, কৃষি, শিক্ষা আদি গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া সকলক নিষ্ঠা সহকাৰে ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: