অসম

গোসাইগাঁৱৰ ঘুগুঝোৰাত যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

সংবাদদাতা, গোসাইগাঁও:- গোসাইগাঁও মহকুমাত ব্লেক মেনৰ আতংক চলি থকাৰ সময়তে মহকুমাখনৰ ঘুগুঝোৰাত যোৱা নিশা এগৰাকী যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত এগৰাকী কিশোৰী গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছে৷ উক্ত ঘটনাই সমগ্ৰ মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আহত কিশোৰী গৰাকী গাঁওখনৰ নিবাসী বাংলা হাচদাৰ কন্যা ৰাণী হাচদা(১৩) বুলি জানিব পৰা গৈছে৷ ৰাইজে ইতিমধ্যে আক্ৰমণকাৰী কাষৰীয়া বৰবিল গাঁৱৰ সকল চোৰেৰৰ পুত্ৰ দীলিপ চোৰে’ক আটক কৰিছে৷

ধৃত যুৱক গৰাকীয়ে প্ৰকাশ কৰে যে তেৱৰ পত্নীক হত্যা কৰাৰ পৰিকল্পনাৰে আহিছিল যদিও নিশাৰ এন্ধাৰৰ বাবে চিনিব নোৱাৰী খুলশালিয়েকক আক্ৰমণ কৰে৷ নিশা প্ৰায় ১০টা মান বজাত বেকী দা’ৰ আক্ৰমণত তেজেৰে লুতুৰি-পুতুৰি হোৱা অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকীক ৰাইজে ততাতৈয়াকৈ গোসাইগাঁও মহকুমা আৰ এন বি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: