অসম

গোৱালপাৰা জিলা উপায়ুক্তৰ নিৰ্দেশত দুধনৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ’না সজাগতা সভা

সংবাদদাতা, দুধনৈ : চহৰাঞ্চলত ক’ভিডৰ প্ৰকোপ কিছু কমিছে যদিও গ্ৰামাঞ্চলত সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ গোৱালপাৰা জিলাত ইতিমধ্যে কেবাখনো গাঁও কন্টেইনমেন জ’নলৈ পৰিবৰ্তন কৰা হৈছে৷ দুধনৈত প্ৰতিদিনেই পাঁচৰ পৰা সাত গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱা দেখা গৈছে৷ চহৰৰ পৰা গ্ৰামাঞ্চললৈ ক’ভিডৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে

ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসনে ৰাইজৰ মাজত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ দুধনৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিতেশ মজুমদাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ নিৰ্দেশত দুধনৈ ৰাজহ চক্ৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ এই সভাখনত দুধনৈৰ কেইবাটাও সামাজিক সংগঠনৰ মূৰব্বীৰ লগতে গোৱালপাৰা জিলা বিজেপি আৰু দুধনৈ ব্লক কংগ্ৰেছ দলৰ কৰ্মী উপস্থিত থাকে৷ সভাত বৃহত্তৰ দুধনৈৰ ১৮ বৰ্ষৰ ওপৰৰ বয়সৰ ব্যক্তি সকলক

ভেকচিনেচন দিয়াৰ বাবে গোৱানপাৰাৰ সলনি দুধনৈতে দিয়াৰ ব্যৱস্থাকৰণ, চেনিটাইজেচন, মাস্ক পৰিধান, চ’চিয়েল ডিচটেন্সিং ইত্যাদিৰ লগতে ক’ভিডজনিত বিভিন্ন সমস্যা সমুহৰ বিষয়ে আলোচনা কৰা হয়৷ চক্ৰ বিষয়া গৰাকীয়ে এই সমস্যা সমূহ সোনকালে সমাধানৰ বাবে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ লগতে দুধনৈ ৰাজহ চক্ৰৰ অধীনস্থ গাঁও সমুহত থকা গাঁওবুঢ়া আৰু ভিডিপি পাৰ্টিৰ সহযোগত

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থাৱলী হাতত ল’ব বুলিওঁ কয়৷ আনহাতে সান্ধ্য আইন চলি থকা সময়চোৱাত দুধনৈ আৰক্ষীয়ে বিনা কাৰণত ঘূৰিফুৰা ব্যক্তি তথা দুচকীয়া চাৰিচকীয়া বাহনক আবদ্ধ কৰি সান্ধ্য আইন ভংগ নকৰিবলৈ সকিয়াই দিয়া পৰিলক্ষিত হৈছে৷ স্থানীয় প্ৰশাসনে ইতিমধ্যে দুধনৈ গাঁও পঞ্চায়ত আৰু দুধনৈস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত দুধনৈৰ লগতে নিকটৱৰ্তী অঞ্চল সমূহত চেনিটাইজেছনৰ ব্যৱস্থা কৰিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: