অসম

গৌৰীপুৰ পি.বি কলেজৰ সোণালী জয়ন্তী উৎযাপনৰ ধন আত্মসাৎ

ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে গোচৰ : আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

সংবাদদাতা, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰমেথশ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ নামত ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয় খনৰ এজন প্ৰাক্তন ছাত্ৰই। অভিযোগ মতে,২০১৪ ৰ ১৭,১৮আৰু ১৯ অক্টোবৰ তাৰিখত ঐতিহ্যবাহী মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল।

মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গৌৰীপুৰৰ মদাতি গাৱৰ বাসিন্দা হামিদুৰ ৰহমানে উত্থাপন কৰা অভিযোগ মতে, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভাৰপ্ৰাপ্ত ঘনকান্ত দাস আৰু বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনছুৰ আলী সৰকাৰে সোণালী জয়ন্তী উদযাপনৰ নামত সংগ্ৰহীত ধনৰ এটা অংশ আত্মসাৎ কৰিছে আৰু কুপন আৰু ৰিছিপ বহীৰ জড়িয়তে সংগ্ৰহ কৰা বহু পৰিমাণৰ ধন হিচাপৰ বহীত জমা কৰা নাই।

আনহাতে প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জনে ৪২হেজাৰ টকা নিজৰ পকেটত ৰাখিছিল। কিন্তু উক্ত ধনৰাশিৰ কেছ বহীত জমা দেখুওৱা নাছিল। তাৰ উপৰিও সময়ত ৪৩,৭২২/ টকা বিবিধ খৰচৰ শিতানত দেখায় যদিও কোনো বিবৰণ সন্নিবিষ্ট কৰা নাই। উল্লেখ্য যে, কলেজখনৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে গঠিত অভ্যৰ্থনা সমিতিৰ মাজত চলা মত বিৰোধৰ বাবে ২০১৮ত পুনৰবাৰ আয় ব্যয়ৰ হিচাব পৰীক্ষা কৰা হয়। RTI যোগে পোৱা তথ্য মতে হিচাপৰ বিসংগতি দেখা পায় প্ৰাক্তন ছাত্ৰ হামিদুৰ ৰহমানে।

অলপতে তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ওচৰত ঘটনা সন্দৰ্ভত এখন অভিযোগ পত্ৰ দাখিল কৰিছিল। তদানীন্তন আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ অনুসৰি চলিত বছৰৰ ৩ মে তাৰিখত গৌৰীপুৰ আৰক্ষীয়ে প্ৰাক্তন অধ্যক্ষ ঘনকান্ত দাস আৰু বৰ্তমানৰ পি.বি কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনছুৰ আলী সৰকাৰৰ বিৰুদ্ধে ৬৭৬/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪০৬ আই পি ছি ধাৰাত এখন গোচৰ ৰুজু কৰিছে।

লক্ষ্যণীয় বিষয় যে, গৌৰীপুৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হোৱাৰ সম্পূৰ্ণ এমাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে ৰহস্যজনকভাবে অভিযুক্ত দ্বয়ৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অভিযোগকাৰী প্ৰাক্তন ছাত্ৰ হামিদুৰ ৰহমান। গৌৰীপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা এনে নীৰৱ ভূমিকাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰাক্তন ছাত্ৰ হামিদুৰ ৰহমানে ধুবুৰীৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকী লৈ অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: